
বটদ্ৰৱাঃ নগাঁৱৰ জনপ্ৰিয় সাপ্তাহিক কাকত ‘‘কলংপাৰ’’ৰ সম্পাদক, বিশিষ্ট সাংবাদিক বলেন বৰাৰ আকস্মিক মৃত্যুত নগাঁৱৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু দল-সংগঠন, ব্যক্তি বিশেষে গভীৰ শোক প্ৰকাশ কৰিছে৷
সকলোৱে প্ৰিয় বিশিষ্ট সাংবাদিক গৰাকীৰ আকস্মিক বিয়োগত আজি বটদ্ৰৱা প্ৰেছ ক্লাৱৰ হৈ সম্পাদক গুণমনি কলিতাকে প্ৰমুখ্য কৰি সদস্যসকলে গভীৰ শোক ব্যক্ত কৰে৷
সকলোৰে মাজত ‘বলেন দা’ হিচাপে জনপ্ৰিয়, বহুতকে সাংবাদিকতাৰ আদিপাঠ শিকোৱা, নগাওঁ জিলাৰ বিশিষ্ঠ সাংবাদিকগৰাকীৰ মৃত্যু জিলাখনৰ সংবাদ জগতৰ বাবে এক পূৰাব নোৱাৰা ক্ষতি বুলি উল্লেখ কৰি বটদ্ৰৱা প্ৰেছ ক্লাৱৰ সম্পাদক গুণমনি কলিতাই স্বৰ্গগামী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালটিলৈ গভীৰ সমবেদনা জ্ঞাপণ কৰে৷