ধিংঃ নগাঁৱৰ বিশিষ্ট সাংবাদিক বলেন বৰাৰ আমোলাপট্টিৰ নিজা বাসগৃহত আজি মৃত্যু ঘটে৷ দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল আপকুৰ নগাঁও জিলা সমিতিৰ সভাপতি গৰাকী।

নগাঁৱৰ জনপ্ৰিয় সাপ্তাহিক কাকত "কলংপাৰ"ৰ সম্পাদক প্ৰয়াত বলেন বৰাৰ মৃত্যুত নগাঁৱৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰে৷

বিশিষ্ট সাংবাদিক গৰাকীৰ মৃত্যুত আজি ধিং প্ৰেছ ক্লাৱৰ হৈ সাংবাদিক কৰুণা বৰা, বাশ্বাৰ উল্লাহ মুজাদ্দাদী, ৰাজীৱ নেওগ, তৰুণ বৰা, প্রফুল্ল বৰা, ছাইদুল ইছলাম, বেদব্রত ৰাজা, প্ৰাঞ্জল বৰা, ইন্দেশ্বৰ নাথকে আদি কৰি বিভিন্ন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰে।