12
Oct
2017

চাবুৱাঃ ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক তথা News Next oneৰ জ্যেষ্ঠ সাংবাদিক তপন কুমাৰ শইকীয়াৰ তৃতীয় জ্যেষ্ঠ ভাতৃ অনন্ত শইকীয়াৰ বুধবাৰে অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয়। প্ৰয়াত শইকীয়াৰ মৃত্যুৰ সময়ত বয়স অাছিল ৩৫ বছৰ৷
অসম চিকিৎসা মহাবিদ্যালয়ত যোৱা সোমবাৰৰ পৰা চিকিৎসাধীন হৈ অাছিল অনম্ত শইকীয়া৷ চাবুৱা ৰাজহ চক্ৰৰ অম্তৰ্গত নাদুৱা গ্ৰান্ট গাঁৱৰ সুৰেন্দ্ৰ নাথ শইকীয়া আৰু ফুলপাহী শইকীয়াৰ তৃতীয় পুত্র অাছিল অনন্ত শইকীয়া৷ ইফালে শইকীয়াৰ তিকিৎসাধীন কালত চিকিৎসালয়ত উপস্থিত থকা শইকীয়াৰ পত্নীক কৰ্তব্যৰত চিকিৎসকে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ তুলিছে পৰিয়ালবৰ্গই।
অনন্ত শইকীয়াৰ মৃত্যুত সাংবাদিক সুৰক্ষা মঞ্চ অসমৰ লগতে মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাই গভীৰ শোক প্ৰকাশ কৰিছে।