Clipart Library
Clipart Library

মঙলদৈঃ মঙলদৈত ১৮ আৰু ১৯ নৱেম্বৰত অনুষ্ঠিত হব বাৰ্তাজীৱী সংঘৰ ৪৩ সংখ্যক অধিবেশন। ইতিমধ্যে অধিবেশনৰ পূৰ্ণ প্ৰস্তুতি চলি আছে। অধিবেশনখন সুচাৰু ৰূপে পৰিচালনা কৰিবলৈ ৭৫ জনীয়া এখন কমিতিও গঠন কৰা হৈছে। 

অধিবেশনৰ প্ৰস্তুতি সম্পৰ্কীয় এখন সভাত মঙলদৈৰ বিধায়ক গুৰুজ্যেতি দাসক সভাপতিৰ দায়িত্ব দিয়াৰ লগতে সাংবাদিক মুকুট ৰাজ শৰ্মাক সাধাৰণ সম্পাদক আৰু সাংবাদিক লক্ষ্মীনন্দন বৰাক যুটিয়া সম্পাদক হিচাপে লৈ পৰিচালনা সমিতিখন গঠন কৰা হয়৷ তদুপৰি স্মৃতি গ্ৰন্থ¸ খাদ্য বিভাগকে ধৰি অধিবেশনৰ সকলো দিশতে গুৰুত্ব প্ৰদান কৰি বিভিন্ন বিভাগৰ উপ-সমিতিসমূহ গঠন কৰা হয়৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সংবাদজীৱী সকলে অংশগ্ৰহণ কৰিবলগীয়া অধিবেশন খনৰ দুদিনীয়া কাৰ্যসূচীৰ প্ৰথম দিনা বিয়লিৰ ভাগত দৰং জিলা সমিতিৰ বিষয় বাছনি সভাৰ লগতে নিশা ৰাজ্যিক কাৰ্যানিৰ্বাহক সভা অনুষ্ঠিত হ’ব বুলি বাৰ্তজীৱী সংঘৰ দৰং জিলা সমিতিয়ে জানিবলৈ দিয়ে। বৃহৎ সমাৰোহত সকলোৰে সহায় সহযোগিতা কামনা কৰিছে দৰং জিলা বাৰ্তাজীৱী সংঘৰ পৰিয়ালে৷