ডিব্ৰুগড়ঃ সাংবাদিক গৌৰী লংকেশৰ হত্যাৰ পাছতেই উত্তাল হৈ পৰিছে সমগ্ৰ ভাৰতবৰ্ষ৷ দেশজুৰি সাংবাদিকগৰাকীৰ হত্যাত প্ৰতিবাদৰ জোৱাৰ উঠাৰ মাজতে জ্যেষ্ঠ সাংবাদিক গৌৰী লংকেশ্বৰৰ হত্যাত সাংবাদিক সুৰক্ষা মঞ্চ অসমৰ ডিব্ৰুগড় জিলা সমিতি, চাবুৱা মিডিয়া ফ'ৰাম আৰু সদৌ অসম মটক যুৱ-ছাত্র পৰিষদ কেন্দ্ৰীয় সমিতিয়েও প্ৰবীণ সাংবাদিকগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে৷

গৌৰী লংকেশৰ হত্যা ৰাজনৈতিক ষড়যন্ত্র বুলি মত পোষণ কৰি সাংবাদিক সুৰক্ষা মঞ্চ অসমৰ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক তপন কুমাৰ শইকীয়াই কয় যে সাংবাদিক যি ঠাইৰে নহওঁক, ইয়াৰ জাতি আৰু ধৰ্ম একেই৷ লগতে এইক্ষেত্রত কেন্দ্ৰীয় গৃহমন্ত্রী ৰাজনাথ সিঙে কঠোৰ পদক্ষেপ লোৱাৰ লগতে দেশৰ সংবাদকৰ্মী সকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনায় সাংবাদিক সুৰক্ষা মঞ্চৰ ডিব্ৰুগড় সমিতি সাধাৰণ সম্পাদকগৰাকীয়ে৷

আনহাতে চাবুৱা মিডিয়া ফ'ৰামৰ উদ্যোগত ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চ আৰু মটক যুৱ-ছাত্র পৰিষদৰ সহযোগত ডিকম আৰু চাবুৱাত পুৱা ক’লা বেজ পৰিধান কৰি সন্ধিয়া এহেজাৰ এগচি বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব প্ৰবীণ সাংবাদিকগৰাকীক৷ পুৱাৰ এই শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত সকলো সাংবাদিকৰ উপস্থিতি কামনা কৰিছে সাংবাদিক সুৰক্ষা মঞ্চ আৰু মটক যুৱ-ছাত্র পৰিষদে৷