কোকিলাঃ ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে বঙাইগাওঁ জিলাৰ সৃজনগ্ৰামৰ ৮৭৯ নং নাৰাৰভিঠা সন্তোষপুৰ প্ৰাথমিক বিদ্যালয়ত শান্তিপূৰ্ণ ভাৱে পালন কৰা হয় ৬৯ সংখ্যক গণৰাজ্য দিৱস।

প্ৰাথমিক বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলে ব্যাপক উৎসাহ-উদ্দীপনাৰে পালন কৰে গণৰাজ্য দিৱস। পুৱাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে বঙাইগাওঁ জিলাৰ বিদ্যালয় সহঃ পৰিদৰ্শক বিজয় কোঁৱৰে।

পতাকা উত্তোলনৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয় চৌহদত চাফাই কাৰ্যসূচী সম্পন্ন কৰি বিভিন্ন পৰিৱেশ সুৰক্ষামূলক শ্ল’গান দিয়াৰ লগতে  পেৰেড প্ৰদৰ্শন কৰি ৰাষ্ট্ৰীয় পতাকাক সন্মান জনায়। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে ভাষণ প্ৰদান কৰে ৷

উল্লেখ্য যে,৮৭৯ নং নাৰাৰভিঠা সন্তোষপুৰ প্ৰাথমিক বিদ্যালয়ে ২য় পৰ্যায়ৰ গুনোৎসৱত বঙাইগাওঁ জিলাৰ ভিতৰত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল৷