
মাৰ্ঘেৰিটাঃ ৬৯তম গণৰাজ্য দিৱসলৈ মাজত মাথো কেইটামান ঘন্টা৷ উজনি-নামনিৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ৰ লগতে গুৱাহাটী মহানগৰীৰ খানাপাৰা খেল পথাৰত শুকুৰবাৰে গণ ৰাজ্য দিৱস পালন কৰিব৷ ৰাজ্যৰ প্ৰতিখন জিলা সদৰ মহকুমা সদৰ, ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ লগতে অন্যান্য কাৰ্যালয় সমূহে শুকুৰবাৰে গণ ৰাজ্য দিৱস পালন বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে৷
ৰাজ্যৰ সেনা, অৰ্ধসামৰিক বাহিনী, আৰক্ষী, এনচিচি কেডেট, বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান পৰিৱেশন কৰাৰ বাবে সাজু হৈ উঠিছে৷ সমানে সমানে ৰাজ্যত উগ্ৰপন্থী সংগঠনৰ কুটাঘাট ৰক্ষাৰ বাবে ৰাজ্যৰ প্ৰশাসন সম্পূৰ্ণ সস্তম হৈ পৰিছে৷ সমগ্ৰ ৰাজ্যৰ লগতে উজনি-নামনিত গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত সংঘটিত হ’ব পৰা কুটাঘাতমূলক কাৰ্য তথা শান্তি শৃংখলা বিঘ্নিত হোৱাৰ আশংকা কৰি কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে৷
গুৱাহাটী মহানগৰকে ধৰি বিভিন্ন জিলাত আৰক্ষী সস্তম হৈ পৰিছে। নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি ঠায়ে ঠায়ে আৰক্ষীয়ে তালাচী চলোৱা পৰিলক্ষিত হৈছে। আনহাতে তিনিচুকীয়া জিলাতো গণৰাজ্য দিৱসৰ বাবে প্ৰশাসনে গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। ৰাজহুৱা স্থান, ব্যস্ত অঞ্চলত চোকা দৃষ্টি ৰাখিছে প্ৰশাসনে। কুটাঘাট ৰোধ কৰাৰ উদ্দেশ্যে বিভিন্ন অঞ্চলত তালাচী আৰম্ভ কৰাৰ উপৰিও নিশা টহল দিয়া পৰিলক্ষিত হৈছে আৰক্ষীয়ে৷ তিনিচুকীয়া-মাৰ্ঘেৰিটাত গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে বুলি প্ৰশাসনে জানিবলৈ দিয়ে।
মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া ৬৯তম গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচী অনুসৰি ২৬ জানুৱাৰীৰ পুৱা ৬ বজাত প্ৰভাত ফেৰি আৰু অনুভাষ যন্ত্ৰৰ দ্বাৰা দেশপ্ৰেমমূলক গীত প্ৰচাৰ কৰা হ’ব৷ ৭ বজাত সাধাৰণ লোকৰ বাসভৱনত ৰাষ্ট্ৰীয় পতাকা উত্তোলন, ৭ বাজি ৩০ মিনিটত চৰকাৰী কাৰ্যালয়, বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে৷
৮ বাজি ৩০ মিনিটত স্থানীয় শ্বহীদ বেদীত শ্বহীদ তৰ্পন আৰু ৰাষ্ট্ৰীয় পতাকা উত্তোলন, ৮ বাজি ৫৫ মিনিটত মুখ্য অতিথিৰ কেন্দ্ৰীয় খেল পথাৰলৈ আগমন আৰু শ্বহীদ তৰ্পন কাৰ্যসূচী অনুষ্ঠিত হ’ব৷ আৰক্ষী ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী আৰু অন্যান্য বাহিনীৰ মুখ্য অতিথিয়ে অভিবাদন গ্ৰহণ কৰিব, ৯ বজাত মুখ্য অতিথিয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন, মুখ্য অতিথিৰ ভাষণ প্ৰদান, সাংস্কাতিক অনুষ্ঠান অনুষ্ঠিত হ’ব৷
১০ বজাত স্থানীয় চৰকাৰী চিকিৎসালয় আৰু ক'ল ইণ্ডিয়াৰ চিকিৎসালয়ত ৰোগীৰ মাজত ফলমূল বিতৰণ, বিয়লি ২ বজাত মহকুমাধিপতি একাদশ আৰু মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থা একাদশৰ মাজত মাৰ্ঘেৰিটা কেন্দ্ৰীয় খেলপথাৰত প্ৰীতি ক্ৰিকেট খেল অনুষ্ঠিত হ’ব৷ ৫ বজাত ৰাষ্ট্ৰীয় পতাকা অৱনমন, সন্ধিয়া ৬ বজাত দিহিং সেতু, বিভিন্ন চৰকাৰী, বেচৰকাৰী কাৰ্যালয়, বাসগৃহ, ব্যৱসায়ী প্ৰতিষ্ঠান আদিত বন্তি প্ৰজ্বলন কৰা হ’ব।