26
Jan
2018

জোনাইঃ ধেমাজি জিলাৰ জোনাই প্ৰশাসনৰ উদ্যোগত উলাহ-মালহেৰে উদযাপন কৰা ৬৯তম গণৰাজ্য দিৱস৷ জোনাই গান্ধী মৈদানত অনুষ্ঠিত গণৰাজ্য দিৱসৰ পতকা উত্তোলন কৰে জোনাইৰ মহকুমাধিপতি নিসৰ্গ হিৱৰেই৷
গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰাৰ পিছতে মহকুমাধিপতিক আৰক্ষী, অৰ্ধসামৰিক বাহিনী, এনচিচি কেডেট, বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, ছাত্ৰ-ছাত্ৰীৰ পেৰেড অনুষ্ঠিত হয়৷ আৰক্ষী বাহিনী, সংৰক্ষিত বাহিনীৰ লগতে স্থানীয় বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পেৰেডত অংশ গ্ৰহণ কৰাৰ লগতে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে৷