01
Apr
2017

টকিঅঃ গৱেষণাৰ নামতে হত্যা কৰা হ'ল ৩৩৩ টাকৈ তিমি। পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণে বিশ্বৰ অন্যতম মূলমন্ত্ৰ হৈ উঠা সময়তে জাপানত সংঘটিত হৈছে এক অমানৱীয় কাৰ্য। গৱেষণাৰ নামতে এণ্টাৰ্কটিকাৰপৰা জাপানৰ গৱেষক দল এটাই চিকাৰ কৰি আনিলে ৩৩৩ টাকৈ তিমি। ইয়াৰে প্ৰায় ২০০ টা তিমি সন্তানসম্ভৱা আছিল বুলি জানিবপৰা গৈছে।
বন্যপ্ৰাণী আন্তৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ নিষেধাজ্ঞা সত্বেও গৱেষণাৰ অজুহাতত নিৰীহ বন্যপ্ৰাণীৰ হত্যাই সমগ্ৰ বিশ্বতে চাঞ্চল্যৰ সৃষ্টি হৈছে। এন্টাৰ্কটিকাৰ পৰিস্থিতি তন্ত্ৰৰ অধ্যয়নৰ উদ্দেশ্যে এই কাম কৰা হোৱা বুলি জাপানে সদৰি কৰিছে। উল্লেখযোগ্য যে অহা ১২ বছৰত চাৰি হাজাৰ তিমিয়ে জাপানৰ গৱেষণাৰ নামত প্ৰাণ হেৰুৱাব লগীয়া হ'ব।