
ওদালগুৰিঃ তেজপুৰৰ সাংসদ আৰপি শৰ্মাই হিন্দু বাংলাদেশীক অসমত সংস্থাপনৰ বাবে সদৌ অসমৰ ছাত্ৰ সন্থাক মেনেজ কৰাৰ কথা প্ৰকাশ কৰাত ৰাজ্যত তীব্ৰ চাঞ্চল্য অব্যাহত থকাৰ সময়তে দুগৰাকী নেতাই আছু এৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে বিটিএডিত৷
এটি আঞ্চলিক সমিতিৰ সভাপতি-সম্পাদকে পদৰ পৰা অব্যাহতি লোৱাত চাঞ্চল্যৰ সৃষ্টি কৰিছে বিটিএডিৰ ওদালগুৰি জিলাত৷ অধিবেশনৰ অনুষ্ঠিত হোৱাৰ মাথো কেইদিনমান পূৰ্বে আছুৰ ওদালগুৰি আঞ্চলিক সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি আৰু ভাৰপ্ৰাপ্ত সম্পাদকে পদৰ পৰা অব্যাহতি লোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ নৱজিৎ দাস আৰু ৰাতুল দাসে সোমবাৰে অব্যাহতি লয় সংগঠনটোৰ পৰা।
দুয়োগৰাকী নেতাই পৃথকে পৃথকে সংগঠনটোক অব্যাহতি পত্ৰ দিয়াৰ লগতে বিবৃতি যোগে অব্যহতিৰ কাৰণ সম্পূৰ্ণ ব্যক্তিগত বুলি উল্লেখ কৰে। বিগত প্ৰায় এটা বছৰে দুয়োগৰাকী সক্ৰিয় আছু নেতাই ভাৰপ্ৰাপ্ত দায়িত্ব গ্ৰহণ কৰি আছিল যদিও ওদালগুৰি জিলা আছুৱে সমিতি খনক নতুনকৈ গঠন কৰা নাছিল৷ ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ এটি সূত্ৰৰ জানিব পাৰ মতে, আগন্তুক ৮, ৯ আৰু ১০ জানুৱাৰীত আঞ্চলিক সমিতিখনৰ সপ্তদশ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলি আছে।
অধিৱেশন খনৰ প্ৰাকমূহুৰ্তত সংগঠনটোৰ সক্ৰিয় নেতা দুগৰাকীয়ে অব্যাহতি লোৱা বিষয়টোৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। দুয়োগৰাকী নেতাই অব্যাহতি বিচাৰি ওদালগুৰি জিলা আৰু ওদালগুৰি মহকুমা ছাত্ৰ সন্থালৈ অব্যাহতি পত্ৰ প্ৰেৰণ কৰে। দুয়োগৰাকী বিষয়-ববীয়াই অব্যাহতি লোৱাৰ পাছত ওদালগুৰি আঞ্চলিক সমিতিখন সক্ৰিয় কৰাৰ ক্ষেত্ৰত জিলা সমিতিৰ ভূমিকা হ’ব লক্ষণীয়। দুয়োগৰাকী নেতাৰ অব্যাহতি পত্ৰ গ্ৰহণ কৰি দুয়োগৰাকী নেতাক অব্যাহতি প্ৰদান কৰা বুলি ওদালগুৰি মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিপুল লহকৰে জানিবলৈ দিয়ে।