গোৰেশ্বৰঃ বিটিএডিৰ গোৰেশ্বৰৰ চেউনী গাঁৱৰ নিবাসী অৱসৰ প্ৰাপ্ত শিক্ষক সুৰেণ ভাগৱতী (৬২)ৰ দেওবাৰে মৃত্যু হয়। গোৰেশ্বৰৰ ৰংমহল হাঁহচ'ৰা নিম্ন বুনিয়াদী বিদ্যালয়ৰ শিক্ষকতা কৰি ২০১৫ চনৰ আগষ্ট মাহত সহকাৰী শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰা সুৰেণ ভাগৱতীয়ে৷ দীৰ্ঘদিন অসুস্থ শিক্ষকগৰাকীয়ে চিকিৎসা গ্ৰহণ কৰি আছিল যদিও দেওবাৰে সন্ধিয়া প্ৰায় ৭.৪৫ বজাত মৃত্যুক আকোৱালি লয়৷

গোৰেশ্বৰ অঞ্চলৰ বিশিষ্ট মুক্তিযুঁজাৰু নবীন চন্দ্ৰ ভাগৱতী আৰু বৰণীবালা দেৱীৰ বৰ পুত্ৰ সুৰেণ ভাগৱতী ১৯৮৩ চনৰে পৰা শিক্ষকতাৰ সৈতে জড়িত হৈ আছিল যদিও দীৰ্ঘসময় পিছতহে তেওঁ কাম কৰা বিদ্যালয় খন প্ৰাদেশিকীকৰণ হৈছিল। এগৰাকী চিআৰচিচি হিচাপেও বিদ্যালয় সমূহৰ দায়িত্ব পালন কৰা ভাগৱতী এগৰাকী নিষ্ঠাবান শিক্ষক হিচাপে অঞ্চলটোত খ্যাতি আছে। পূৰ্বে তেওঁ প্ৰাথমিক বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰো দায়িত্ব নিৰ্বাহ কৰিছিল।

সংগীত আৰু সাহিত্য ক্ষেত্ৰত বিশেষ ৰাপ থকা ভাগৱতীয়ে জ্ঞানপীঠ বঁটা বিজয়ী মামনী ৰয়চম গোস্বামী সহিতে কেবাজনো বিশিষ্ট সাহিত্যিকৰ সংস্পৰ্শলৈ আহিছিল আৰু এগৰাকী বিশিষ্ট পাঠক হিচাপে তেওঁ পৰিচয় দাঙি ধৰিছিল। কেবাজনো বিশিষ্ট সাহিত্যিকৰ উপন্যাস, গল্প, নাটক আদিৰ সংলাপ মুখস্থ ৰাখি পাঠক হিচাপে সাহিত্যিকৰ মন জয় কৰিছিল ভাগৱতীয়ে। ১৯৮৩ চনত ভাগৱতীয়ে অসম আন্দোলনৰ সৈতে জড়িত হৈ পুলিচ-মেলেটাৰী দ্বাৰা কেইবাবাৰো নিৰ্যাতিত হৈছিল।

ইয়াৰ পূৰ্বে ১৯৮০ চনত তেওঁ বামপন্থী আন্দোলনৰ সৈতে জড়িত হৈ পৰে। গোৰেশ্বৰ আঞ্চলিক এছ এফ আই, কৃষক সভা আৰু চিপিআইএমৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল ভাগৱতী। বিষ্ণুপ্ৰসাদ ৰাভা আৰু ড০ ভূপেন হাজৰকাৰ সান্নিধ্যলৈ অহা ভাগৱতীয়ে ড০ ভূপেন হাজৰিকাৰ বহু সংখ্যক গীতৰ সংগ্ৰহ সংৰক্ষণ কৰি সুনাম লাভ কৰিছিল।

সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত সুৰেণ ভাগৱতী অঞ্চলটোত এগৰাকী পুৰোহিত হিচাপেও দায়িত্ব পালন কৰিছিল। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে। গোৰেশ্বৰ আঞ্চলিক চিপিআইএম, এছএফআই, কৃষক সভা, প্ৰাথমিক শিক্ষক সংস্থা আদিয়ে গভীৰ শোক প্ৰকাশ কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু দুই পুত্ৰ সন্তানক ইহসংসাৰত এৰি থৈ যায়।