
গুৱাহাটীঃ তেও পুৱা প্ৰায় ১০ বজাত ঘৰৰ পৰা লৰালৰিকৈ ওলাই আহিছে৷চিকিৎসালয়লৈ যাম বুলি৷ ঘৰৰ পৰা লৰা-লৰিকৈ ওলাই আহি গান্ধীবস্তিত গাড়ীৰ বাবে ৰৈ আছে৷
গাড়ীৰ বাবে ৰৈ থাকোতে তেওৰ ভৰিত লাগে এটি সৰু মানি বেগ৷ মানি বেগটো বুটলি গাড়ীত উঠিল তেঁও৷ গাড়ীত উঠি তেঁও চিকিৎসালয় যোৱাৰ পৰিবৰ্তে উপস্থিত হ’ল গুৱাহাটীৰ চান্দমাৰি আৰক্ষী থানাত৷ চান্দমাৰি আৰক্ষী থানাত উপস্থিত হৈ অ’চি ছাৰক বিচাৰে৷
আৰক্ষীৰ একাংশ লোকে তেঁওক বহিবলৈ দি সুধিলে কিয় থানালৈ আহিছে আপুনি৷ তেঁও কলে "মই পথত এটি মানি বেগ পাইছো৷ বেগটোত কি আছো নাজানো৷ আপোনালোকে চাওকচোন"৷ আৰক্ষীয়ে তেওৰ কথা শুনি একপ্ৰকাৰ আচৰিত হৈ বেগটো খুলি চালে৷ বেগটো খুলি চাই দেখে যে বেগতোত বহু খিনি টকা, এখন এটিএম আৰু কেইখন মান পাছপোৰ্ট ফটো৷
মানিবেগটোৰ গৰাকী ওলালে বেগতো উভটাই দিবলৈ কৈ থানাৰ পৰা ওলাই আহিল তেঁও৷ চান্দমাৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বীৰেন চন্দ্ৰ ডেকা ততাতৈয়ৈকৈ ষ্টেট বেংকৰ অৱ ইণ্ডিয়াৰ বামুণীমৈদাম শাখাত উপস্থিত হৈ এটিএম কাৰ্ড খনৰ জৰিয়তে ঠিকনা উলিয়ায় বেগটোৰ গৰাকীৰ৷
ভাৰপ্ৰাপ্ত বিষয়া বিৰেন চন্দ্ৰ ডেকাই বেংকত দিয়া ঠিকনা অনুসৰি তথা একাউন্টত থকা মোবাইল নম্বৰত ফোন কৰি বেগটো ডিমা হাছাও জিলাৰ ৰেছমা হান্সুৰ বুলি থিৰাং কৰে৷
ৰেছমা হান্সুৰ বেংকৰ একাউন্টটো ষ্টেট বেংক অৱ ইণ্ডিয়াৰ ডিমা হাছাও জিলাৰ লেংটং শাখাৰ৷ আৰক্ষীয়ে জনোৱা মতে বেগটোত আছিল নগদ ৬৬৬০ টকা, এখন এটিএম আৰু কেইখনমান পাছপোৰ্ট ফটো৷ বৰ্তমান ৰেছমা ডিমা হাছাও জিলাত আছে যদিও শুকুৰবাৰে বেগটো নিবলৈ গুৱাহাটীলৈ আহিব বুলি জনাইছে৷
উল্লেখযোগ্য যে ৰেছমাই বুধবাৰে গুৱাহাটীত এখন অটোৰ পৰা নমাৰ সময়ত পেলাইছিল বেগটো৷ তেও কোন আছিল যি গৰাকীয়ে বেগটো আৰক্ষীক গতাই দিলে৷
তেও আছিল ৬০ বছৰীয়া মলিয়ণ কাপোৰ পিন্ধি থানালৈ অহা দৰিদ্ৰ মহিলা লিলু কুন্দু৷ হয়, দৰিদ্ৰ মহিলা লিলু কুন্দুই পথত পোৱা বেগটো আৰক্ষীৰ হাতত জমা দিছিল৷
মহানগৰীৰ গান্ধীবস্তীৰ চাবোন ফেক্টৰীৰ সমীপৰ আৰোহণ পথৰ বাসিন্দা তেও৷ যিটো সময়ত মানুহে হা টকা হা টকা কৈ পাগল হৈ থাকে তেনে সময়তে লিলুই প্ৰমাণ কৰিলে টকা সৰ্বোচ্চ নহয়৷
আনৰ ধনৰ লোভ কৰি ক্ষন্তেক সময়ৰ বাবে আনন্দিত হ’ব পৰা যায় যদিও সেয়া স্থায়ী নহয়৷ ৬০ বছৰীয়া লিলু দৰিদ্ৰ যদিও আনৰ ধনক লোভ নকৰে কেতিয়াও৷ লিলুৰ মোবাইল নম্বৰ বিছাৰিছিল আৰক্ষীয়ে কিন্তু মোবাইল নাই বুলি কলে লিলুৱে৷ আজিও মহানগৰীত আছে হাজাৰ হাজাৰ লিলু৷ দৰিদ্ৰ লিলুক চালাম৷