কাজিৰঙাঃ বাৰিষা কালত হাইলেণ্ডৰ অভাৱত বানৰ কৱলত পৰি ককবকাব লগা হয় অসমৰ মান-অভিমান, অসমীয়াৰ গৌৰৱ কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকূল৷ বিশেষকৈ এশিঙিয়া গঁড়ৰ বাবে বিশ্ব বিখ্যাত উদ্যান খনৰ জীৱকূলৰ আলাই-আথানি নোহোৱা হয়৷ বছৰ বছৰ ধৰি চোৰাং চিকাৰীয়ে উদ্যান খনৰ জীৱ-জন্তু হত্যা কৰি আহিছে৷ সমানে সমানে বান আৰু পিটনি সমূহেও প্ৰাণ লৈ আহিছে জীৱ-জন্তুৰ৷ বছৰটোৰ প্ৰায় ৪মাহ কাল উদ্যান খন পানীত ডুবি থকাৰ ফলত বহু জীৱ-জন্তুৰ মৃত্যু হয়৷

এটুকুৰা ওখ ঠাই বিচাৰি ৰাষ্ট্ৰীয় ঘাই পথ পাৰ হোৱাৰ চেষ্টা কৰি গাড়ীৰ চেপাত প্ৰাণ দিব লগা হয় জীৱকূলে৷ প্ৰতিবছৰে বানৰ ফলত মানুহৰ দৰে নাজল-নাথল অৱস্থা হৈ পৰে কাজিৰঙাৰ জীৱকূলৰ৷ প্ৰতিশ্ৰুতি অনুযায়ী গঁড় হত্যা ৰোধ কৰিব নোৱাৰা চৰকাৰখনে বানপানীৰ সময়ত জীৱ-জন্তুৰ বাবে হাইলেণ্ডৰ ব্যৱস্থা কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ লগতে খৰালি কালত জীৱকূলক খাদ্য সামগ্ৰী, পানীৰ ব্যৱস্থা কৰাত বিফল হৈ আহিছে বুলি অভিযোগ উত্থাপন হয়৷ যাৰ পৰিপ্ৰেক্ষিততে ৰাষ্ট্ৰীয় উদ্যানখনত অসহায় হৈ পৰে অসম গৌৰৱ গঁড়কে আদি কৰি প্ৰতিটো জীৱ-জন্তু।

১৫ বছৰীয়া কংগ্ৰেছৰ শাসনত কেইবাবাৰো জীৱ-জন্তুৰ বাবে হাইলেণ্ড নিৰ্মাণকে ধৰি বিভিন্ন ধৰণৰ উন্নয়ন কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল যদিও সকলোবোৰ ফোটোকাৰ ফেনত পৰিণত হয়৷ আনহাতে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰেও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নানান কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল যদিও জীৱ জন্তুৰ ৰক্ষাৰ বাবে বিশেষ কাম কৰা পৰিলক্ষিত নহয়৷ তাৰ মাজতেই খাদ্যৰ অভাৱত তথা এটুপি পানীৰ বাবে পিটনিত নামি বোকাত আৱদ্ধ হ’ব লগা হয় গঁড়৷ বৃহস্পতিবাৰে নিশা পানীৰ খাবলৈ পিটনিত নামি এটা প্ৰকাণ্ড গঁড় বোৰাত আৱদ্ধ হ’ব লগা হয়৷

বৃহস্পতিবাৰে কাজিৰঙাত নিশা পানী খাবলৈ পিটনিত নামি আৱদ্ধ হৈ ককবকাই থকা গড়টোৱে মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে৷ উল্লেখ্য যে বৃহস্পতিবাৰে পুৱা সুৰক্ষা কৰ্মীয়ে পহৰা দিবলৈ যোৱাৰ সময়তে প্ৰত্যক্ষ কৰে গঁড়টো৷ বন বিভাগৰ উচ্চ পদস্থ বিষয়া উপস্থিত হৈ এক্সেভেটৰৰে গাত খান্দি গঁড়টো পিটনিৰ পৰা উদ্ধাৰৰ চেষ্টা চলাই যদিও সক্ষম হোৱা নাছিল বন বিভাগে৷ গঁড়টোৱে খাদ্যৰ অভাৱতে এনেদৰে বোকাত আৱদ্ধ হৈ পৰা বুলি অনুমান কৰা হৈছে৷ ২৪ ঘন্টা ধৰি আৱদ্ধ হৈ থকা গঁড়টোক বনবিভাগে উদ্ধাৰৰ চেষ্টা চলাইছিল যদিও জীৱন্ত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল বনবিভাগ৷