
গুৱাহাটীঃ চোৰাংচিকাৰীয়ে পুনৰ গঁড় হত্যা কৰিলে কাজিৰঙাত৷ এটা প্ৰাপ্তবয়স্ক মতা গঁড়ৰ মৃতদেহ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি ৰেঞ্জত বনৰক্ষীয়ে উদ্ধাৰ কৰে৷ গঁড়টোৰ খৰ্গটো চোৰাংচিকাৰীয়ে কাটি লৈ যায়৷
শনিবাৰৰ এই ঘটনাৰ পাছতেই স্পেছিয়েল টাস্ক ফৰ্চে চোৰাংচিকাৰীৰ সন্ধানত অভিযান আৰম্ভ কৰিছে৷
কাজিৰঙাৰ প্ৰতিবেদকৰ সংযোজনঃ বোকাখাতত বনবিভাগ-আৰক্ষী গিজগিজাই থকাৰ মাজতে শুকুৰবাৰে নিশা কাজিৰঙাত পুনৰ এটা গঁড় হত্যা কৰে চিকাৰীয়ে।
আনহাতে, বোকাখাত আৰক্ষী থানাৰ অন্তৰ্গত এলেকাত সংঘটিত গঁড়টো হত্যা কৰি চোৰাং চিকাৰীয়ে পূৰ্বৰ ঘটনাৰ দৰেই খৰ্গটো কাটি নিবৰ সক্ষম হয়। আশ্চৰ্যজনকভাৱে যোৱা নিশাই উদ্যানৰ অন্তৰ্ভাগত চোৰাং চিকাৰীয়ে গুলীয়াই হত্যা কৰি গঁড় হত্যা কৰি খৰ্গ কাটি নিয়ে অথচ শনিবাৰে পুৱাহে কাজিৰঙাৰ বনবিভাগে মৃত গঁড়ৰ খৰ্গহীন দেহটো উদ্ধাৰ কৰে।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভাৰপ্ৰাপ্ত সঞ্চালক জৰ্জেচ আহমেদে জনোৱা অনুসৰি, যোৱা নিশা প্ৰায় ৭/৮ বজাত কাজিৰঙাৰ বনকৰ্মীসকলে দুজাঁই গুলীৰ শব্দ শুনিছিল। লগে লগে উদ্যান কৰ্তৃপক্ষক বনৰক্ষীয়ে অৱগত কৰি অভিযান আৰম্ভ কৰে। কিন্তু, ওৰে নিশা অভিযান চলায় যদিও কোনো তথ্য নাপালে বনৰক্ষীয়ে।
ইপিনে, আজি পুৱাও অভিযান চলোৱাত ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলৰ শুকানি বনশিৱিৰ এলেকাত এটা মতা গুলীবিদ্ধ গঁড়ৰ মৃতদেহ উদ্ধাৰ কৰে।
ইফালে, অনুৰূপ ধৰণেই কাজিৰঙা হাবিত গঁড় হত্যা কৰি খৰ্গ কাটি উধাও হয় চোৰাং চিকাৰী। প্ৰকাণ্ড গঁড়টোৰ খৰ্গহীন মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন প্ৰাধিকাৰী বিষয়া ৰোহিনী বল্লৱ শইকীয়াৰ নেতৃত্বত বনবিভাগৰ এটা দলে স্নিফাৰ কুকুৰেৰে চিকাৰীৰ বিৰুদ্ধে অভিযান চলায়।
আনকি, বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া কল্যাণ কুমাৰ দাসৰ নেতৃত্বতো স্নিফাৰ কুকুৰেৰে চিকাৰীৰ বিৰুদ্ধে পৃথকে অভিযান চলায়। ইপিনে, ঘটনাস্থলীত গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি বৰাৰ লগতে নৱনিযুক্ত আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। কিন্তু, প্ৰশাসনীয় এলেকাৰ মাজেৰে অস্ত্ৰধাৰী চিকাৰী কি ধৰণে উদ্যানত প্ৰৱেশ কৰিব পাৰে বুলি সাংবাদিকে জানিবলৈ চেষ্টা কৰে যদিও কোনো ধৰণৰ বক্তব্য ৰখাৰ বিপৰীতে ঘটনাস্থলীৰপৰা আঁতৰ হয় আৰক্ষী অধীক্ষক সিং।
ইফালে, গঁড় হত্যাৰ খবৰ বিয়পি পৰাৰ লগে লগে তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় কাজিৰঙা এলেকাত। বনবিভাগৰ সূত্ৰই লগতে জনোৱা অনুসৰি, বিগত কেইবাদিন ধৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগলৈ প্ৰৱেশ কৰিবলৈ চোৰাং চিকাৰীৰ কেইবাটাও দলে চেষ্টা চলাই আছে। ইয়াৰে এটা দলে প্ৰৱেশ কৰি যোৱা নিশা গঁড়টো হত্যা কৰিবলৈ সক্ষম হ'ল। অভিযানত গঁড় হত্যাথলীত দুটা খালী কাৰ্টিজ, এযোৰ জোতা, এটা পানী বটলৰ লগতে বিভিন্ন আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰে বনবিভাগে।
বৰ্তমানেও আৰক্ষী-বনবিভাগৰ যুটীয়া অভিযান অব্যাহত আছে যদিও চোৰাং চিকাৰী কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই অভিযানকাৰী দলে অৱগত কৰিছে।
উল্লেখ্য যে প্ৰমিলাৰাণী ব্ৰহ্ম বনমন্ত্ৰীৰ দায়িত্বত থকা অৱস্থাত পূৰ্বৰ চৰকাৰৰ দিনৰ তুলনাত গঁড় হত্যাৰ হাৰ হ্ৰাস পাইছিল আৰু বহু দিন গঁড় হত্যা নোহোৱাৰ বাবে কাজিৰঙাৰ বনবিষয়াসকলে আৰাম কৰিবলৈ লৈছে। যাৰ পৰিণতিতে পুনৰ গঁড় হত্যা হৈছে বুলি বিভিন্ন জনে মত ব্যক্ত কৰিছে। লক্ষণীয়ভাৱে, যোৱা ১৪ ডিচেম্বৰত দিনৰ ভাগত কাজিৰঙাৰ ৰাজপথৰ পৰা আৰক্ষী-বনবিভাগৰ যুটীয়া অভিযানত অস্ত্ৰসহ তিনিজনকৈ চোৰাং চিকাৰী গ্ৰেপ্তাৰ কৰাৰ পাছত নিশাই চিকাৰীয়ে একপ্ৰকাৰ চেলেঞ্জ কৰি বন কাৰ্যালয়ৰ কাষতে ১৫ ডিচেম্বৰত গুলীয়াই গঁড় হত্যা কৰি খৰ্গ কাটি উধাও হয়। চলিত বৰ্ষত এয়া প্ৰথমটো ঘটনা যদিও বিগত বৰ্ষত ছটা গঁড় চোৰাং চিকাৰীৰ গুলীত নিহত হৈছে বুলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভাৰপ্ৰাপ্ত সঞ্চালক জৰ্জেচ আহমেদে জানিবলৈ দিয়ে।