লালুকঃ লখিমপুৰ জিলাৰ লালুক আৰক্ষীৰ জালত পৰিল খৰ্গৰ ব্যৱসায়ী৷ লালুক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বীৰেণ বৰুৱা আৰু বঙালমৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জন পাঠৰীৰ নেতৃত্বত চলোৱা এটি অভিযানত গড়ৰ খৰ্গসহ জালত পৰে চাৰি খৰ্গ ব্যৱসায়ী৷

বঙালমৰাৰ আমগুৰীত আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি ধৰিবলৈ সক্ষম হয় গহপুৰৰ ৰজাবাৰীৰ ধীৰাজ পেগু (২৫), মাজুলীৰ কমলাবাৰীৰ ফন দাস (২৭), লখিমপুৰ পানীগাঁৱৰ সঞ্জীৱ দলে আৰু গহপুৰ মালাপিন্ধাৰ ফুলেন্দ্ৰ পেগু(২২)ক৷ আৰক্ষীয়ে ১ কি’ল গ্ৰাম ওজনৰ এটা গঁড়ৰ খৰ্গ উদ্ধাৰ কৰে তেওলোকৰ পৰা৷ চাৰিওজনকে লালুক আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে৷