newsnextone.com | কাজিৰঙাঃ যোৱা ৯ জুনত বিশ্বনাথ জিলাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ শিলডুবী এলেকাত চিকাৰীয়ে বহু দিন পূৰ্বে হত্যা কৰা এটা খৰ্গ বিহীন গঁড়ৰ মৃতদেহ উদ্ধাৰৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই সোমবাৰে বন বিভাগৰ অভিযানত নিহত হয় চোৰাংচিকাৰী৷ 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় চিকাৰৰ বাবে প্ৰৱেশ কৰা চোৰাং চিকাৰী আৰু বনকৰ্মীৰ মাজত দীৰ্ঘ সময় সংঘৰ্ষ লাগে। সংঘৰ্ষত এজন চিকাৰী নিহত হোৱাৰ খবৰ আহিছে। বনবিভাগে জানিবলৈ দিয়া মতে, বনবিভাগৰ নিয়মীয়া টহলদাৰী দলে নিশা প্ৰায় ৮ বজাত ৫জনীয়া এটা অস্ত্ৰধাৰী দলক ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ নলামুখ এলেকাত প্ৰত্যক্ষ কৰে। 

বনৰক্ষীয়ে ৰ'বলৈ নিৰ্দেশ দিয়াত চিকাৰীৰ দলটোৱে বনৰক্ষীৰ লক্ষ্য কৰি গুলিচালনা কৰে। বনৰক্ষীয়েও প্ৰত্যুত্তৰ দিয়াত দলটোৰ তিনিজন আন্ধাৰৰ সুযোগ লৈ পলাই যায় যদিও এজন চোৰাং চিকাৰী মহত হয়৷ 

পাঁচজনীয়া চিকাৰীৰ দলটোৰ বাকী এজনৰ সন্ধানত অভিযান আৰম্ভ কৰিছে৷ সংঘৰ্ষস্থলিত অচিনাক্ত গুলীবিদ্ধ দেহ পৰি থকাৰ লগতে চিকাৰীটোক নগা জনগোষ্ঠীৰ লোক বুলি সন্দেহ কৰে বন কতৃপক্ষই।ঘটনাস্থলীৰ পৰা এটা মডিফাইড ৩০৩ ৰাইফল আৰু এটা বেগ উদ্ধাৰ কৰে বনৰক্ষীয়ে। বৰ্তমানয়েও অভিযান অব্যাহত আছে বুলি জানিবলৈ দিয়ে বন বিভাগে।