কাজিৰঙা/কলিয়াবৰঃ বন বিভাগ-আৰক্ষীৰ বিৰুদ্ধে সততে বন্যপ্ৰাণীক নিৰাপত্তা দিব নোৱাৰাৰ অভিযোগ উত্থাপন হয়৷ কিন্তু প্ৰমিলা ৰাণী ব্ৰহ্মৰ বন বিভাগৰ সুৰক্ষা কৰ্মীসকল এইবাৰ সষ্টম হৈ অসম আৰক্ষীৰ সৈতে লগলাগি চোৰাং চিকাৰী নিধন অভিযান আৰম্ভ কৰিছে৷ 

অসমৰ মান-অভিমান এশিঙীয়া গঁড় ৰক্ষা কৰাৰ বাবে যোৱা কেইবাটাও দিনত নগাঁও আৰক্ষীয়ে অভিযান চলাই থকা পৰিলক্ষিত হৈছে৷ আৰক্ষী-বন বিভাগৰ বদনাম শেষ কৰাৰ বাবে ৰাজ্য চৰকাৰে বন বিভাগৰ সুৰক্ষা কৰ্মীক আধুনিক অস্ত্ৰ দিয়াৰ পাছতেই উৎসাহেৰে দায়িত্ব পালন কৰিছ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰো সুৰক্ষা কৰ্মীয়ে৷

তাৰ মাজতে আৰক্ষীয়ে চলোৱা কেইবা ঘণ্টাৰ অভিযানত নিহত হৈছে এগৰাকী চোৰাং চিকাৰী৷ শুকুৰবাৰে নিশা নগাঁও জিলাৰ জখলাবন্ধা আৰক্ষীৰ অভিযানত নিহত হয় এজন চোৰাং চিকাৰী। 

জখলাবন্ধা আৰক্ষী আৰু চোৰাং চিকাৰীৰ মাজত হোৱা সংঘৰ্ষত নিহত হয় চোৰাং চিকাৰীজন। জানিব পৰা মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দেওচুৰত সংঘটিত হয় এই ঘটনা। জখলাবন্ধা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেবেন বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে নিশা অভিযান চলাই থকা অৱস্থাতে আৰক্ষীৰ সৈতে চোৰাং চিকাৰীৰ দল এটাৰ মুখামুখি হয়৷

চোৰাং চিকাৰীৰ দলটোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত গঁড় মাৰিবৰ বাবে প্ৰৱেশ কৰিছিল৷ পূৰ্বৰে পৰা অভিযান চলাই থকা আৰক্ষীৰ দলটোৱো চোৰাং চিকাৰীৰ দলটোক আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়ে৷ চোৰাং চিকাৰী কেইজনে আৰক্ষীক লক্ষ্য কৰি গুলীবৰ্ষণ কৰাত আৰক্ষীয়ে প্ৰত্যুত্তৰত দিবলৈ বাধ্য হয়৷ চোৰাং চিকাৰীলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰাত আহত হয় এজন চোৰাং চিকাৰী।

আহত চোৰাং চিকাৰীজনক ততাতৈয়াকৈ জখলাবন্ধা অসামৰিক চিকিৎসালয়লৈ লৈ অনা হয় যদিও চিকিসৎকে মৃত্যু হোৱা বুলি ঘোষণা কৰে। ঘটনাস্থলিৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে AK-56 চিৰিজৰ ৰাইফল আৰু ১৫৮টা সজীৱ গুলী। চোৰাং চিকাৰীৰ বিৰুদ্ধে চলা অভিযানত আৰু চোৰাং চিকাৰী আহত হোৱাৰ সন্দেহ কৰিছে জখলাবন্ধা আৰক্ষীয়ে৷ শনিবাৰৰ পুৱাৰে পৰা পুনৰ অভিযান আৰম্ভ কৰিছে নগাঁও আৰক্ষীয়ে৷

বিগত তিনিবছৰত জখলাবন্ধা আৰক্ষীয়ে চোৰেং চিকাৰীৰ বিৰুদ্ধে ব্যাপক অভিযান চলাই আহিছে৷ জখলাবন্ধা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেবেন বৰাই চোৰাং তিনি শতাধিক চোৰাং চিকাৰী গ্ৰেপ্তাৰ কৰাৰ লগতে অস্ত্ৰ-শস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে৷

এটি সূত্ৰৰ খবৰ মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চল এলেকাত চোৰাং চিকাৰীৰ এটা দল প্ৰৱেশ কৰি গঁড় হত্যা কৰাৰ পৰিকল্পনা কৰাৰ খবৰ লাভ কৰিছিল জখলাবন্ধা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেবেন বৰাই৷ খবৰৰ ভিত্তিত বুঢ়াপাহাৰ বনাঞ্চল ঘেৰি লৈছিল আৰক্ষীয়ে৷

বুঢ়াপাহাৰ বনাঞ্চলত অভিযান চলাই থকাৰ সময়তে নিশা প্ৰায় ৯ বজাত এটা বন্দুকধাৰী দলৰে মুখামুখি হয় আৰক্ষীৰ৷ ফলত গুলীচলাবলৈ বাধ্য হৈছিল আৰক্ষীয়ে৷ বৰ্তমানেও চিনাক্ত কৰিব পৰা নাই নিহত চিকাৰীজনক৷