
কাজিৰঙাঃ অসমৰ এশিঙীয়া গঁড় পৃথিৱী বিখ্যাত৷ এশিঙীয়া গঁড়ৰ লগত জড়িত হৈ আছে অসমীয়াৰ চেতনা, জাতিৰ স্বাভিমান ৷ অসমীয়াৰ এই আবেগ, অনুভূতিক কোনো এখন চৰকাৰে গুৰুত্ব দিয়া দেখা নাযায়৷ যাৰ বাবে ৰাজ্যত ইটোৰ পিছত সিটো গঁড় হত্যাৰ ঘটনাই চিন্তাত পেলাইছে ৰাজ্যবাসীক৷ প্ৰতিটো গঁড় হত্যাৰ ঘটনাই মৰ্মাহত কৰে অসমবাসীক৷
এশিঙীয়া গঁড় ৰক্ষাৰ বাবে বছৰ বছৰ ধৰি প্ৰতিবাদ জনাই আহিছে প্ৰতিখন চৰকাৰক৷ কিন্তু কেতিয়াও কোনো এখন চৰকাৰে ৰাইজৰ আবেগ অনুভূতিক গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷ কংগ্ৰেছৰ ১৫ বছৰীয়া শাসনকালত অসংখ্য গঁড় হত্যাৰ ঘটনা সংঘটিত হৈছিল৷ ব্যাপক হাৰত হোৱা এই গঁড় হত্যাৰ ঘটনাকে বিজেপি মিত্ৰজোঁটে নিৰ্বাচনত গঁড় হত্যাকে প্ৰধান ইছ্যু হিচাপে লৈ অৱতীৰ্ণ হৈছিল৷
এনে ধৰণৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতিৰে বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়৷ কিন্তু গাদীত বহিবলৈ পোৱাৰ পিছৰে পৰা পাহৰি গ’ল প্ৰতিশ্ৰুতি পূৰণৰ কথা৷ বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মও সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে গঁড় হত্যা ৰোধ কৰাৰ ক্ষেত্ৰত ৷ কাজিৰঙাত পুনৰ চোৰাংচিকাৰীৰ হাতত গঁড়ে প্ৰাণ দিব লগা হোৱা ঘটনাই ক্ষোভিত কৰি তুলিছে এতিয়া প্ৰতি জন অসমীয়াক৷
এইবাৰ গঁড় হত্যাকাণ্ডৰ প্ৰতি সৰৱ হৈ পৰিছে শাসিত দলৰে এগৰাকী প্ৰতিনিধি৷ জানিব পৰা মতে, খুমটাই সমষ্টিৰ বিজেপি বিধায়ক মৃণাল শইকীয়াই গঁড় হত্যা প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হোৱাৰ বাবে দোষাৰোপ কৰিলে বনবিভাগক। কাজিৰঙাত দুই মাহ পাঁচ দিনৰ ভিতৰতে চোৰাং চিকাৰীয়ে ৪ টাকৈ গঁড় হত্যা কৰিবলৈ সক্ষম হ’ল। শাসকীয় দলৰ বিধায়ক জনে বনবিভাগৰ চকুৰ আগতেই ইটোৰ পিছত সিটোকৈ কেনেকৈ অসমৰ ৰাজ্যিক প্রতীক এশিঙীয়া গঁড় চোৰাং চিকাৰীয়ে হত্যা কৰিবলৈ সক্ষম হৈছে বুলি ক্ষোভ প্ৰকাশ কৰে৷
লগতে বিধায়ক জনে কয়, বন বিভাগৰ বিষয়া কৰ্মচাৰী সকল বৰ্তমান শিল-বালি মহলতহে অভ্যস্ত হৈ পৰা দেখা যায়৷ কিয়নো মাহিলী পাৰিশ্ৰমিক পোৱাৰ উপৰিও অতিৰিক্ত মুনাফা আদায় কৰাত সিদ্ধহস্ত হৈ পৰিছে এই বনকৰ্মী সকল৷ যাৰবাবে বন তথা বন্য প্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত তেঁও লোকৰ গুৰুত্ব কম বুলি উল্লেখ কৰি বৰ্তমান বনবিভাগটোৱে গঁড় তথা বন্যজন্তু সমূহক সুৰক্ষা দিয়াৰ ওপৰতহে গুৰত্ব প্ৰদান কৰিব লাগে বুলি মন্তব্য কৰে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই ৷
বিগত চৰকাৰৰ দিনত বনবিভাগৰ দায়িত্ব পালন কৰা ৰকিবুল হুছেইনেই বন বিভাগক বিধ্বস্ত কৰি গ’ল বুলি কটাক্ষ কৰে বিধায়ক গৰাকীয়ে৷ দেওবাৰে কাজিৰঙাত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই ৷ আনহাতে বিধায়ক গৰাকীয়ে দাবী কৰে যে গঁড় তথা কাজিৰঙাৰ জীৱকূলক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত গাফিলতি কৰা বন বিষয়া কৰ্মচাৰীৰ ওপৰত কঠোৰ শাস্তি মূলক ব্যৱস্থা ল’ব লাগে বুলিও কয়৷ গঁড় হত্যাৰ বিৰুদ্ধে সৰব হৈ পৰা কাজিৰঙা আঞ্চলিক ছাত্ৰ সন্থা সমিতি দেওবাৰে বনমন্ত্ৰী প্ৰমিলা ৰাণীৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
গঁড় হত্যা ৰোধ কৰাত চৰম ভাৱে ব্যৰ্থ হোৱা বিয়াগোম বনবিভাগটোক তীব্ৰ ভাষাৰে গৰিহনা দি কাজিৰঙাৰ আকশ-বতাহ উত্তাল কৰে প্ৰতিবাদকাৰী সকলে৷ তেওঁলোকে উল্লেখ্য কৰে যে, বনমন্ত্ৰীৰ চৰম ব্যৰ্থতাৰ বাবেই কাজিৰঙাত ইটোৰ-পাছটো গঁড় হত্যাৰ কাণ্ড সংঘটিত হৈ আহিছে বুলি উল্লেখ কৰি বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মক পদত্যাগ কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰী সকলে৷