
বাঘবৰঃ বৰপেটা জিলাৰ বাঘবৰত মানুহৰ ঘৰৰ উপৰিও হাবিৰ মাজতো চাউল উদ্ধাৰ হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। দুৰ্নীতিৰ বিৰুদ্ধে উচিত ব্যবস্থা লোৱাৰ প্ৰতিশ্ৰতি দি দিছপুৰৰ মচনদ দখল কৰা বিজেপি চৰকাৰৰ দিনত সংঘটিত এনে ঘটনাই অঞ্চলবাসীক হতভম্ব কৰি তুলিছে।
প্ৰাপ্ত বাতৰি মতে, জিলাখনৰ বিভিন্ন ঠাইত বস্তাই বস্তাই খাদ্য আৰু অসামৰিক যোগান বিভাগৰ চাউল উদ্ধাৰ হোৱাৰ পাছতো অসামৰিক যোগান বিভাগে সঠিক তদন্ত নকৰাৰ অভিযোগ উঠিছে৷
জনীয়া সমষ্টিৰ জাউৰীমাৰিৰ বৰভিটাত বৃহস্পতিবাৰে আৰক্ষীয়ে অভিযান চলাই হাছেন আলীৰ ঘৰৰ ভিতৰৰ পৰা ৪৪ বস্তা আৰু ঘৰৰ পিছফালৰ জংঘলৰ মাজৰ পৰা ১৪৬ বস্তা অসামৰিক যোগান বিভাগৰ চাউল উদ্ধাৰ কৰে। বৰভিটা আৰক্ষীয়ে সৰ্বমুঠ ১৯০ বস্তা চাউল জব্দ কৰে বুলি আৰক্ষীৰ সূত্ৰই সদৰী কৰিছে।
চাউলখিনি বিভিন্ন গাঁও পঞ্চায়ত সমবায় সমিতিৰ পৰা অবৈধভাবে কম মূল্যত কিনি অনা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে।
ইতিপূৰ্বে জিলাখনৰ কেবা ঠাইতো এনে ঘটনা সংঘটিত হৈছে যদিও বৰপেটা অসামৰিক যোগান বিভাগে ৰহস্যজনক ভূমিকা পালন কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে।