
কোকৰাঝাৰঃ অসমৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰিহণ দৈমাৰীয়ে আজি কোকৰাঝাৰত উপস্থিত হৈ বিটিএডিৰ চাৰিওখন জিলাৰ বিভাগীয় বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয় ৷ আজি দুপৰীয়া মন্ত্ৰী ৰিহণ দৈমাৰীয়ে বিটিচি সচিবালয়ৰ প্ৰেক্ষাগৃহত দুয়োটা বিভাগৰ বিভাগীয় বিষয়াসকলৰ সৈতে সুকীয়া সুকীয়া ভাৱে পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি জনসাধাৰণৰ স্বাৰ্থৰ হকে কাম কৰি যাবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে৷
মন্ত্ৰী গৰাকীয়ে তেওঁৰ দায়িত্বত থকা দুটাকৈ বিভাগৰ কি কি আচঁনি বিটিএডি এলেকাত সঠিকভাৱে ৰূপায়ণ হোৱা নাই তাৰ বিষয়েও বিভাগীয় বিষয়াৰ পৰা খতিয়ানো লয় আৰু বিভাগীয় বিষয়াসকলক কৰ্মপন্থা যুগুত কৰিবলৈ নিৰ্দেশনা দিয়ে ৷ পিছত মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত সাংবাদিকৰ এক প্ৰশ্নত্তোৰত অসমত এতিয়াও খাদ্য সংকট হোৱা নাই আৰু ভৱিষ্যতেও নহ'ব বুলি দাবী কৰি একাংশ খুচুৰা ব্যৱসায়ীয়ে সুযোগ বুজি বয়-বস্তু আৰু শাক-পাচঁলিৰ দাম বৃদ্ধি কৰিছে বুলি মন্তব্য কৰিছে।
পিয়াজৰ মূল্যবৃদ্ধি সম্পৰ্কত মন্ত্ৰী গৰাকীয়ে কয়, অকল যে অসমতে পিয়াজৰ মূল্যবৃদ্ধি হৈছে তেনে নহয় বৰঞ্চ সমগ্ৰ দেশতে পিয়াজৰ মুল্যবৃদ্ধি হৈছে আৰু পিয়াজৰ দাম প্ৰতি কিলোগ্ৰামত ৪০ টকাৰ অধিক নহ'বৰ বাবে চৰকাৰে কিছুমান পদক্ষেপ হাতত লৈছে ৷ কিন্ত এইক্ষেত্ৰত কিছুসংখ্যক পিয়াজৰ যোগান ব্যৱসায়ীয়ে খুচুৰা ব্যবসায়ীসকলৰ পৰা দাম বেছি লোৱাত বজাৰত পিয়াজৰ দাম বৃদ্ধি হোৱা বুলি কয় ৷
আনহাতে জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগে ৰাজ্যত ৰূপায়ন কৰা বেচিভাগ পানীযোগান আঁচনিয়ে সম্প্ৰতি বিকল হৈ আছে আৰু সেয়া মেৰামতি কৰি ৰাইজক গোটাই দিয়াৰ বাবে এক আঁচনি গ্ৰহণ কৰা হৈছে বুলিও মন্তব্য কৰিছে মন্ত্ৰী ৰিহণ দৈমাৰীয়ে।
ইপিনে পৰ্যালোচনা সভাত উপস্থিত থকা বিটিচিৰ কাৰ্যবাহী সদস্য তথা সংশ্লিষ্ট বিভাগৰ কাৰ্যবাহী সদস্য বনজাৰ দৈমাৰীয়ে যিসকলৰ আয় বাৰ্ষিক এক লাখতকৈ অধিক তেওঁলোকক অতি শীঘ্ৰে ৰেচন কাৰ্ডসমূহ নিয়মানুযায়ী ঘূৰাই দিবলৈ আহ্বান জনাইছে আৰু নিদিষ্ট সময়ৰ ভিতৰত ৰেচন কাৰ্ডসমূহ ঘূৰাই নিদিলে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হব বুলি সকীয়াই দিছে বিটিচিৰ কাৰ্যবাহী সদস্য বনজাৰ দৈমাৰীয়ে।