ওদালগুৰিঃ প্ৰকৃতিৰ ৰম্য ভূমি খ্যাত ভৈৰৱকুণ্ড পৰ্যটন দিৱসলৈ মাজত মাথো কেইটামান দিন৷ স্থানীয় ৰাইজ, বিধায়ক, প্ৰশাসন সকলোৱে এতিয়া ব্যস্ত হৈ পৰিছে মহোৎসৱকলৈ৷ ষষ্ঠ বাৰ্ষিক ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ অনুষ্ঠিত কৰাৰ বাবে ভৈৰৱকুণ্ড পৰ্যটন আৱাসত ব্যাপক প্ৰস্তুতি চলি থকা পৰিলক্ষিত হৈছে৷ ওদালগুৰি জিলাৰ উত্তৰে অসম-অৰুণাচল প্ৰদেশ আৰু চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ ত্ৰিৱেণীসংগমস্থলীত ভৈৰৱকুণ্ড বনভোজস্থলীত লোকে লোকাৰণ্য পৰিৱেশ।

নতুন বছৰৰ সময়ছোৱাত প্ৰকৃতিৰাণী ভৈৰৱকুণ্ডৰ বুকুত ইতিমধ্যে প্ৰতিদিনে হাজাৰ হাজাৰ লোক সমবেত হয়৷ প্ৰকৃতিপ্ৰেমী তথা দেশী-বিদেশী পৰ্যটক অহা পৰিলক্ষিত হৈছে। ভূটান পাহাৰৰ বুকু ফালি বৈ অহা ধনশিৰি নৈৰ কুলু কুলু শব্দই বনভোজস্থলীক সোণত সুৱগা পৰিৱেশৰ সৃষ্টি কৰে। ইয়াৰ মাজতে শনিবাৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী ৰিহন দৈমাৰীয়ে মহোৎসৱস্থলী পৰিদৰ্শণ কৰি অগ্ৰগতিৰ বুজ লয়।

পৰ্যটন আৱাসস্থলীত শনিবাৰে অনুষ্ঠিত এখন সভাত উপষ্ঠিত থাকে মহোৎসৱৰ সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী ৰিহন দৈমাৰী, কাৰ্যকৰী সভাপতি তথা বিটিচিৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰী, উপ-সভাপতি তথা ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিৰ এমচিএলএ ৰিপেন দৈমাৰী। সভাত মহোৎসৱখনিৰ সভাপতি তথা মন্ত্ৰী ৰিহন দৈমাৰীয়ে অভ্যৰ্থনা সমিতিৰ প্ৰতিখন উপ-সমিতিৰ কামৰ অগ্ৰগতিৰ বুজ লৈ মহোৎসৱটি উলহ মালহেৰে পালনৰ বাবে সকলোকে ওলাই অহাৰ বাবে আহ্বান জনায়।

বিশেষকৈ বনভোজৰ বতৰৰ লগতে প্ৰতি বছৰে অনুষ্ঠিত হৈ অহা ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱৰ সময়ত মানৱসৃষ্ট অৰণ্যত প্ৰকৃতিপ্ৰেমীয়ে ভিৰ কৰা দেখা যায়। এইবেলিও চলিত মাহৰ ১৭ জানুৱাৰীৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱত প্ৰকৃতি প্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰিব প্ৰকৃতিৰাণী ভৈৰৱকুণ্ডৰ সৌন্দৰ্যই।

মহোৎসৱৰ সৈতে অনুষ্ঠিত হ’বলগীয়া বিভিন্ন প্ৰতিযোগীতাৰ লগতে প্ৰদৰ্শনী মেলাত বিভিন্ন ধৰণৰ ভূটানী কুকুৰৰ পৰা আদি কৰি পকা মিঠা কমলাৰ লগতে থলুৱা উৎপাদিত ষ্ট্ৰবেৰীয়েও দৰ্শকৰ কেন্দ্ৰবিন্দু হৈ পৰা দেখিবলৈ পোৱা যায়। অলপ সময় উলিয়াই পৰিয়ালৰ সৈতে ভৈৰৱকুণ্ডলৈ আহি উপভোগ কৰক প্ৰকৃতিৰ মধুৰ পৰিৱেশ। ব্যস্ত জীৱনটোত উশাহ লবলৈ পাহৰিছে তেন্তে তেন্তে আপুনি প্ৰকৃতিৰ ৰম্য ভূমি খ্যাত ভৈৰৱকুণ্ডলৈ আহক৷ প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশৰ মাজত আপোন পাহৰা হ’ব পাৰিব ভৈৰৱকুণ্ডত।