23
Jun
2017

ডিজিটেল ডেস্কঃ তলাশ্ব ছবিখনৰ জড়িয়তে সমগ্ৰ দেশতে সমাদৰ লাভ কৰা ৰীমা কাগতিৰ পৰিচালনাত পৰৱৰ্তী ছবি গ’ল্ডত অভিনয় কৰিব জনপ্ৰিয় ধাৰাবাহিক নাগিনৰ মূল চৰিত্ৰত থকা মৌনী ৰয়।
হকীত ভাৰতে প্ৰথমটো স্বৰ্ণপদক পোৱাৰ বিষয়টোক লৈয়ে ছবিখন নিৰ্মিত হ’ব। ছবিখনত মৌনীৰ বিপৰীতে অভিনয় কৰিব অক্ষয় কুমাৰে। সৰুপৰ্দাৰ পৰা বলিউডলৈ খোজ দিয়া মৌনী অভিনীত এই ছবিখন ২০১৮ বৰ্ষৰ স্বাধীনতা দিৱসৰ দিনা মুক্তি দিয়া হ’ব।
স্মৰ্তব্য যে ১৯৪৮ৰ লণ্ডন অলিম্পিকত স্বাধীন ভাৰতে প্ৰথমটো স্বৰ্ণপদক লাভ কৰিছিল। কিষণ লালৰ নেতৃত্বত হকী দলটোৱে এই সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল।