
ডিজিটেল ৰিপ'ৰ্টঃ দুৰ্গম পাহাৰত ঘূৰি ফুৰিছে ৰীণা৷ ইখনৰ পাছত সিখন পাহাৰ বগাইছে ৰীণাই৷ পাহাৰ বগাই ভাগৰি নপৰে ৰীণাই৷ পুৰুষৰ সমানে সমানে ৰীণাই খোজ দি বিচাৰি ফুৰিছে এখন প্ৰতিচ্ছবি৷ যিখন প্ৰতিচ্ছবিৰ সাক্ষী হৈ সলনি কৰিব খুজিছে ৰাইজৰ সপোনক৷
দৰিদ্ৰ পৰিয়ালৰ জিয়ৰী ৰীণা৷ তিনি বছৰ পূৰ্বলৈকে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এগৰাকী মাষ্টাৰ ৰোলৰ কৰ্মী আছিল পিতৃ৷ পশ্চিম কাৰ্বি আংলঙৰ জেৰিকিন্দেঙৰ টেৰাং গাঁৱৰ বাসিন্দা ৰীণা টেৰাংপি৷ এটি সাধাৰণ পৰিয়ালৰ পৰা সমাজৰ হৈ কাম কৰাৰ বাবে ওলাই অহা ৰীণাক এটি সংগ্ৰামী সত্বা বুলি ক'বলৈ আৰম্ভ কৰিছে স্থানীয় লোকসকলে৷
দৰিদ্ৰতাৰ সৈতে যুঁজি ডাঙৰ হোৱা ৰীণাই বুজি পায় নোপোৱাৰ বেদনা৷ দৰিদ্ৰজনৰ মনৰ বেদনা৷ কাৰ্বি আংলং জিলাৰ খেৰণিৰ লাংমেপি গাঁৱৰ লুন্সে ইংলেং নামৰ লোকজনৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈ ৰীণাই ঘৰৰ ভিতৰতে নাথাকি দেশৰ হকে, দহৰ হকে কাম কৰিবলৈ বুলি বাবে ওলাই আহে৷
কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ ৯নং আমৰেং সমষ্টিৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি বিপুল ভোটত জয়ী হয় ৰীণা৷ সাধাৰণ সদস্য ৰীণা টেৰাংপীয়ে দেখা সপোনবোৰ ফলিয়াবৰ বাবে যেন পাহাৰে-ভৈয়ামৈ ঘূৰি ফুৰিছে৷ কাৰ্বি ভূমিত বছৰ বছৰ ধৰি উন্নয়মৰ মুখ নেদেখা লোকসকলে সপোন দেখি আহিছে বাট-পথ, স্কুল-কলেজ, স্বাস্থ্য খণ্ডৰ উন্নয়ন হওক৷ কিন্তু ক'তো উন্নয়ন নহ'ল৷
চৰকাৰে দিয়া কোটি কোটি টকা দৰিদ্ৰ ৰাইজৰ মুখৰ পৰা কাঢ়ি বহু নেতা ধনী হ’ল৷ মিছা প্ৰতিশ্ৰতি দিয়া বহু নেতা ৰাইজৰ পৰ হ'ল৷ তাৰ মাজতে উন্নয়নৰ সপোন দেখা পাহাৰীয়া ৰাইজে দ্বাদশ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত হিয়া উজাৰি ভোট দিলে৷
কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ নিৰ্বাচন পাৰ হৈ যোৱাৰ ডেৰ মাহ অতিক্ৰম কৰিলে যদিও পৰিষদখন আজিও অচল৷ পৰিষদৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী নিৰ্বাচন কৰিয়ে দায়িত্ব সামৰা বিজেপি দলে একপ্ৰকাৰ পণবন্দী কৰিছে পাহাৰীয়া জিলাখনৰ ৰাইজক৷ কাৰ্যবাহী সদস্য তথা দপ্তৰ বিতৰণ নকৰি পৰিষদ পূৰ্ণ নকৰাকৈ এতিয়া চলিছে পাহাৰীয়া জিলাখন৷
► ক'লা ৰাজহাঁহ... কিয় ৰুদ্ৰসাগৰত নজ্বলে জুই?
কাৰ্যালয়ত বিষয়া-কৰ্মচাৰী নাই৷ বিভিন্ন কামত মানুহ আহি কাৰ্যালয়ৰ পৰা উভতি যাব লগীয়া হয়৷ তাৰ মাজতে পাহাৰীয়া জিলাখনৰ জনগোষ্ঠীয় মহিলা নেত্ৰী ৰীণা ব্যতিক্ৰম৷ পৰিষদৰ অচলাৱস্থা যদিও মহিলা নেত্ৰীগৰাকীয়ে বহি থকা নাই৷
বৃহত্তৰ ৯ নং আমৰেং সমষ্টিত যোৱা কেইবাদিন ধৰি চৰকাৰী কাৰ্যালয় পৰিদৰ্শন অভিযান অব্যাহত ৰাখিছে নৱ নিৰ্বাচিত পৰিষদীয় সদস্যা ৰীণা টেৰাংপিয়ে৷ অসম-মেঘালয় সীমান্তৰ খান্দুলি-ৰংপাংবং এলেকা পৰিভ্ৰমণ কৰি লাংকেৰই নামৰ গাঁওখনৰ পৰা মেঘালয়-কাৰ্বি আংলঙৰ ভৌগলিক সীমাৰেখা নিৰীক্ষণ কৰাৰ লগতে দুৰ্গম পাহাৰীয়া অঞ্চলত তলাবন্ধ-জৰাজীৰ্ণ অৱস্থাৰ চৰকাৰী কাৰ্যালয়সমূহ প্ৰত্যক্ষ কৰি হতবাক হৈ পৰে ৰীণা৷
লাংকেৰই গাঁওৰ লাংকেৰই প্ৰাথমিক বিদ্যালয়খনৰ জৰাজীৰ্ণ আৰু গোহালিসদৃশ গৃহৰ অৱস্থাৰ বুজ লোৱাৰ লগতে বিগত চাৰিটা বছৰ ধৰি বিদ্যালয়খনৰ প্ৰধান শিক্ষক নেইলছন টেৰণ উপস্থিত নথকাৰ অভিযোগ লাভ কৰি ৰণচণ্ডী হৈ পৰে ৰীণা৷ ৰীণাই প্ৰধান শিক্ষকগৰাকীক সাক্ষাৎ কৰি সতৰ্ক কৰি দিয়াৰ লগতে আগন্তুক সময়ত নিয়মীয়া পাঠদান আৰু সুচাৰুৰূপে বিদ্যালয় পৰিচালনা কৰিবলৈ নিৰ্দেশ দিয়ে৷
কণ-কণ ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলিলে পৰিণাম অতিকৈ ভয়ানক হৈ পৰিব বুলিও উনুকিয়াই দিয়ে টেৰাংপিয়ে৷ পাহাৰীয়া জিলাখনৰ খান্দুলি আৰু ৰংপাংবং এলেকাৰ হস্ত তাঁত বস্ত্ৰ বিভাগৰ কাৰ্যালয়, বন বিভাগৰ কাৰ্যালয়, জনস্বাস্থ্য কাৰীকৰি বিভাগ, স্বাস্থ্য কেন্দ্ৰ, পশু চিকিৎসালয়, ভুমি সংৰক্ষণ বিভাগ, গড়কাপ্তানী বিভাগ, বন বিভাগৰ অতিথিশালা, সীমান্ত উপ-আৰক্ষী চকী আদি পৰিদৰ্শন কৰে নেত্ৰীগৰাকীয়ে৷
পাহাৰৰ মাজেৰে হাবি জংঘল অতিক্ৰমি যোৱা মহিলা নেত্ৰী গৰাকীয়ে প্ৰায়বোৰ কাৰ্যালয় তলাবন্ধ আৰু জৰাজীৰ্ণ অৱস্থাত প্ৰত্যক্ষ কৰি ক্ষোভিত হৈ পৰে৷ বিষয়া কৰ্মচাৰীৰ নিয়মীয়া উপস্থিতি আৰু বিভাগসমূহ সক্ৰিয় কৰি তোলাৰ বাবে ইতিমধ্যে ব্যৱস্থা গ্ৰহণৰ চিন্তা চৰ্চা কৰা বুলি প্ৰকাশ কৰে টেৰাংপিয়ে৷
ৰাইজ আৰু চৰকাৰী কৰ্মচাৰীৰৰ সহায়-সহযোগো কামনা কৰে টেৰাংপিয়ে৷ স্থানীয় ৰাইজক উদ্দেশ্যি জনগোষ্ঠীয় মহিলা নেত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি নহয়, কামেৰেহে পৰিচয় দিব বুলি কয়৷ চৰকাৰী কৰ্মচাৰীক কৰ্তব্যত গাফিলতি নকৰিবলৈও সকীয়াই দিয়ে৷
আনহাতে যোৱা কেইটা দিনৰ ভিতৰত চছেং উন্নয়ন খণ্ড, জেৰিকিন্দেং পশু চিকিৎসালয়, আই চি ডি এছৰ কাৰ্যালয়ত উপস্থিত হয় যদিও জেৰিকিন্দেং পশু চিকিৎসালয়, হস্ত-তাত কাৰ্যালয়, আই চি ডি এছৰ কাৰ্যালয়ত তলা ওলমি থকা প্ৰত্যক্ষ কৰি হতভম্ব হৈ পৰে টেৰাংপি৷ চছেং উন্নয়ন খণ্ড কাৰ্যালয়ৰ সকলো বিষয়া-কৰ্মচাৰীকে প্ৰতিখন আঁচনিৰ জৰিয়তে সমষ্টিটোৰ উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত ক্ষিপ্ৰতাৰে কাম কৰিবলৈও নিৰ্দেশ দিয়ে ৰীণাই৷