newsnextone.com | বিহালীঃ বিশ্ব জুৰি এতিয়া ৰমজান মাহৰ উছাহ প্ৰস্ফুতিত হৈ পৰিছে৷ ইছলাম ধৰ্ম আৰু সম্প্ৰীতিৰ অন্যতম ধৰ্মীয় পৰম্পৰা পবিত্ৰ ৰমজান ঈদৰ পূৰ্বে পালন কৰা হয় পবিত্ৰ ৰমজান মাহ৷ ভাতৃত্ব বোধেৰে সামৰ্থবান সকলে ৰোজা ৰখা ভাই-বন্ধু সকলক ইফটাৰীৰ বাবে আমন্ত্ৰণ জনাই পূণ্য অৰ্জন কৰে৷ 

সমগ্ৰ বিশ্বত ইছলামী কুলৰ লোকসকলে পবিত্ৰ ৰমজান মাহ পালন কৰাৰ সময়তে অসমতো বিভিন্ন দল-সংগঠন আৰু সামৰ্থবান সকলে পবিত্ৰ ৰমজান মাহ উপলক্ষে ইফটাৰী পাৰ্টি আয়োজন কৰা পৰিলক্ষিত হৈছে৷ 

ৰাজ্য খনত হিন্দু-মুছলিম বুলি একাংশই সাম্প্ৰদায়িক বীজ ৰোপন কৰিবলৈ চেষ্টা চলোৱাৰ সময়তে শান্তি সম্প্ৰীতি প্ৰতিষ্ঠা আৰু ভাতৃত্ব বোধ গঢ়ি তোলাৰ উদ্দেশ্যে ৰাজনৈতিক দল-সংগঠন আৰু জাতীয় দল-সংগঠনসমূহে ইছলাম ধৰ্মালম্বীসকলৰ বাবে ইফটাৰী পাৰ্টীৰ আয়োজন কৰিছে৷ 

সোমবাৰে সন্ধিয়া পবিত্ৰ ৰমজান মাহ উপলক্ষে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ উপস্থিতিত বিশ্বনাথ জিলা কংগ্ৰেছৰ উদ্যোগত বিশ্বনাথ চাৰি আলিৰ হিমালয় বিবাহ ভৱনত এক ইফটাৰ পাৰ্টিৰ আয়োজন কৰা হয়। বিশ্বনাথ জিলাৰ বিভিন্ন ঠাইৰ পৰা অহা ইছলাম ধৰ্মালম্বী লোকে এই ইফটাৰ পাৰ্টিত অংশগ্ৰহণ কৰে। 

ইফটাৰ পাৰ্টিত অংশগ্ৰহণ কৰি সভাপতি বৰাই কয় যে বৰ্তমান সময়ত ধৰ্মৰ নামত মানুহক ভাগ ভাগ কৰা হৈছে, ধৰ্মৰ নামত সমাজৰ শান্তি সম্প্ৰীতি ভংগ কৰা হৈছে। তেখেতে সমাজৰ ভাতৃত্ব বোধৰ এনাজৰী ডাল আৰু দৃঢ় হোৱাৰ মানসেৰে আল্লাহৰ ওচৰত দোৱা কৰে। 

বৰাই পুনৰ কয় যে ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ দেশ আৰু কংগ্ৰেছ দলও এটা ধৰ্ম নিৰপেক্ষ দল। সেয়েহে কংগ্ৰেছ দলে সকলো ধৰ্মকে সমান চকুৰে চায়। বিশ্বনাথ জিলাৰ কংগ্ৰেছ কৰ্মী আৰু ইছলাম ধৰ্মালম্বী লোকসকলক সম্বোধন কৰি আদৰণি ভাষণ আগবঢ়ায় বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাই। 

অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ সঞ্জু বৰুৱা, অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক প্ৰেমলাল গঞ্জু, উত্তৰ অসম সংখ্যালঘূ কোষৰ উপ-সভাপতি ফৰসাদ আহমেদ, বিশ্বনাথ জিলা কংগ্ৰেছৰ মুখপাত্ৰ তুষাৰ বৰা, বিশ্বনাথ জিলা কংগ্ৰেছৰ সংখ্যালঘু কোষৰ সভাপতি আহমেদ আলি, বিশ্বনাথ জিলা কংগ্ৰেছৰ উপ-সভাপতি নিত্য নাৰ্জাৰীকে আদি কৰি বিশ্বনাথ জিলাৰ তিনিওটা বিধানসভা সমষ্টিৰ পৰা অহা ব্লক আৰু মণ্ডল পৰ্যায়ৰ কৰ্মীসকলৰ লগতে প্ৰায় ন শতাধিক ইছলাম ধৰ্মী লোকে অংশগ্ৰহণ কৰি বিশ্ব শান্তি আৰু ভাতৃত্ববোধৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰে।

ইফালে পবিত্ৰ ৰমজান মাহ উপলক্ষে উগ্ৰ হিন্দুত্ববাদী সংগঠন হিচাপে খ্যাত আৰএছএছৰ ৰাজ্যিক শাখাইও ইফটাৰ আয়োজন কৰিব বুলি জানিব পৰা গৈছে৷ আৰএছএছৰ এটি মুছলমান ভাতৃসংগঠনৰ সহযোগত ৰাজনৈতিক স্বাৰ্থ আৰু দেশৰ শান্তি সম্প্ৰীতি বৰ্তাই ৰখাৰ স্বাৰ্থত দুই এদিনৰ ভিতৰতে ইফাটাৰী পাৰ্টি আয়োজন কৰি ইছলাম ধৰ্মালম্বীসকলক আমন্ত্ৰিত কৰিব বুলি জানিব পৰা গৈছে৷