
newsnextone.com | তিনিচুকীয়াঃ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যজুৰি তীব্ৰ বিতৰ্ক চলি আছে৷ অসমৰ মাটিত বিজেপি চৰকাৰে হিন্দু বাংলাদেশী সংস্থাপনৰ বিৰোধিতা কৰি ৰাজ্যৰ সকলোতে ৰাজপথলৈ ওলাই আহিছে খিলঞ্জীয়া লোকসকল৷ চৰকাৰে গ্ৰহণ কৰিব বিচৰা জাতিধ্বংসী সিদ্ধান্ত বাতিল কৰাৰ দাবীত দল-সংগঠন আৰু সাধাৰণ ৰাইজে প্ৰতিবাদ কৰি অহাৰ সময়তে বিজেপিৰ একাংশ নেতা-মন্ত্ৰী-বিধায়কে বিধেয়কখনৰ সমৰ্থন কৰি মত পোষণ কৰা দেখিবলৈ পোৱা গৈছে৷ অসমৰ খিলঞ্জীয়াৰ প্ৰতিবাদ নসাৎ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং, হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, নতুন শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য, বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱে মুকলিকৈ হিন্দু বাংলাদেশীক সংস্থাপনৰ সপক্ষে মত প্ৰকাশ কৰিছে৷
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম বিৰোধী কোনো সিদ্ধান্তই গ্ৰহণ নকৰো বুলি ৰাজ্যবাসীক আশ্বাস প্ৰদান কৰিলেও এচাম মন্ত্ৰী-বিধায়কৰ মন্তব্যই মুখ্যমন্ত্ৰীৰ আশ্বাস গুৰুত্বহীন বুলি প্ৰমাণিত কৰাহে দেখিবলৈ পোৱা গৈছে৷ বিজেপিৰ এচাম মন্ত্ৰী-বিধায়ক তথা নেতাই অসম বিৰোধী নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে ডাঙি ধৰা যুক্তিৰ বিপৰীতে আনফালে অতুল বৰা, মীৰা বৰঠাকুৰ, বিনোদ হাজৰিকাৰ দৰে বিজেপি দলৰে নেতা-বিধায়কে মুকলিকৈ এই বিতৰ্কিত বিধেয়কৰ বিৰোধিতা কৰা পৰিলক্ষিত হৈছে৷
নাগৰিকত্ব সংশোধনী বিধেয়ক খনক লৈ বিজেপিৰ ভিতৰচৰাত মতানৈক্য চলি থকাৰ সময়তে পুনৰ এগৰাকী বিজেপি বিধায়কে কৰা মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে ৰাজ্যৰ কেইবাটাও দল-সংগঠন৷ উল্লেখ্য যে, তিনিচুকীয়াৰ এখন ৰাজহুৱা সভাত মুখ্যমন্ত্ৰীৰ উপস্থিতিতে লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাই এটি বিতৰ্কিত মন্তব্য কৰে৷ বিধায়কজনে অভিযোগ কৰে যে সৰ্বানন্দ সোণোৱালৰ ভাৱমূৰ্তি নষ্ট কৰিবলৈকে কোনোৱে বিধেয়কখনৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ ধনে-জনে সহায় কৰিছে।
বিধায়কজনৰ এনে বক্তব্যৰ পিছতে বিধায়কজনক উভতি ধৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, তিনিচুকীয়া জিলা সমিতিয়ে৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, তিনিচুকীয়া জিলা সমিতিৰ সভাপতি লক্ষ্যজ্যোতি গগৈয়ে কয় যে ঋতুপৰ্ণ বৰুৱাৰ এই বক্তব্যই বিধেয়কখনৰ বিৰুদ্ধে থিয় হোৱা প্ৰতিজন ব্যক্তিকে অপমানিত কৰিছে। যিসময়ত বিজেপিৰ একাংশ নেতা-পালিনেতাই মুকলিকৈ হিন্দু বাংলাদেশীক সংস্থাপনৰ সপক্ষে মন্তব্য প্ৰকাশ কৰি আহিছে আৰু যি সময়ত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সকলো দেখি শুনিও মৌনব্ৰত ধাৰণ কৰিছে সেই সময়ত কোনোৱে কাকো জাতিটোৰ স্বাৰ্থত প্ৰতিবাদ কৰিবলৈ ক’বলগীয়া নহয় বুলি ঋতুপৰ্ণ বৰুৱাক উভতি ধৰে গগৈয়ে৷
মুখ্যমন্ত্ৰীয়ে যদি ভাৱে যে ৰাজ্য জুৰি হোৱা প্ৰতিবাদৰ ফলত তেওঁৰ ভাৱমূৰ্তি বিনষ্ট হৈছে আৰু যদি তেওঁৰ গাত অলপ হ’লেও অসমীয়াৰ প্ৰতি দায়বদ্ধতা আছে তেনেহ’লে এই বিতৰ্কত বিধেকৰ বিৰুদ্ধে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰক বুলিও মন্তব্য কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি গৰাকীয়ে৷
যদি সৰ্বানন্দ সোণোৱালে অসমীয়াৰ স্বাৰ্থৰ হকে কাম কৰে আৰু নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে, তেন্তে অসমবাসী ৰাইজ সদায় সোণোৱালৰ লগত থাকিব৷ আৰু যদি এই বিধেয়কৰ বিৰুদ্ধে কোনোবাই উচতনি দি ৰাইজক ৰাজপথলৈ আনিছে বুলি ভাবি থাকে তেনেহলে তাৰ পৰিণাম ভুগিব লাগিব বুলিও হুংকাৰ দিয়ে লক্ষ্যজ্যোতি গগৈয়ে৷
আনহাতে, একেখন সভাতে বিধায়ক ঋতুপৰ্ণ বৰুৱাই অখিল গগৈৰ নাম নোলোৱাকৈ কৃষক নেতা অখিল গগৈয়ে কাজিৰঙাত বাংলাদেশীক ৰক্ষণাবেক্ষণ দিছিল বুলি অনা অভিযোগৰ প্ৰত্যুত্তৰ দি লক্ষ্যজ্যোতি গগৈয়ে৷ যদিহে চৰকাৰে সেই সময়ত কাজিৰঙাত বাংলাদেশীক উচ্ছেদিত কৰিছিল, তেনেহ’লে সেইসকলক বাংলাদেশীক কিয় বাংলাদেশলৈ ওভতাই পঠোৱা নহ’ল আৰু বাংলাদেশলৈ পঠিওৱাৰ পৰিবৰ্তে উচ্ছেদিতসকলক প্ৰায় ১৫ কোটি টকাৰ ক্ষতিপূৰণ দিয়া হ’ল কিয় বুলিও বিধায়কজনক উভটি ধৰে লক্ষ্যজ্যোতি গগৈয়ে৷
তদুপৰি উচ্চ ন্যায়ালয়ে কাজিৰঙাৰ উচ্ছেদৰ বাবে দিয়া নিৰ্দেশ আৰু Right to fair compensation and transparency in Land Acquisition, Rehabilitation and Resettlement Act, 2013ৰ বিষয়ে অধ্যয়ন কৰিবলৈ ঋতুপৰ্ণ বৰুৱাক আহ্বান জনাই তেওঁ কয় যে উচ্চ ন্যায়ালয়ে কাজিৰঙাৰ আটাইকেইটা সংযোজনত থকা বেদখল আৰু বন্য জন্তু বিচৰণ কৰা দেউচাংচুৰ, বান্দৰডুবি, পালখোৱা নামৰ ৰাজহ গাঁওকেইখনত উচ্ছেদ কৰিবলৈ নিৰ্দেশ দিছিল।
ইফালে ন্যায়ালয়ে কাজিৰঙাৰ বাংলাদেশীক উচ্ছেদ কৰিব লাগে বুলি নিৰ্দেশ দিয়া নাছিল বুলি মন্তব্য কৰি লক্ষ্যজ্যোতি গগৈয়ে কয় যে অখিল গগৈয়ে কেতিয়াও কাজিৰঙাৰ উচ্ছেদৰ বিৰোধিতা কৰা নাই৷ তাৰ পৰিৱৰ্তে অখিল গগৈয়ে ৰাজহ গাওঁকেইখনত উচ্ছেদৰ পূৰ্বে Land Acquisition Rehabilitation and Resettlement Act, 2013ৰ অনুসৰি প্ৰথমতে ক্ষতিপূৰণ দিব লাগে আৰু তাৰ পিছতহে উচ্ছেদ কৰিব লাগে বুলিহে দাবী জনাইছিল। যদি ঋতুপৰ্ণ বৰুৱাই এই বিষয়ে নাজানে তেন্তে মন্তব্য কৰাৰ পূৰ্বে এবাৰ ভালকৈ অধ্যয়ন কৰি লোৱা উচিত বুলি কয় লক্ষ্যজ্যোতি গগৈয়ে৷
বিধায়ক ঋতুপৰ্ণ বৰুৱাই যদি জানি বুজি অখিল গগৈৰ ভাৱমূৰ্তি বিনষ্ট কৰিবলৈ এনে বক্তব্য কৰিছে, তেন্তে ভৱিষ্যতে তৰল ৰাজনীতি নকৰিবলৈও সকীয়নী প্ৰদান কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, তিনিচুকীয়া জিলা সমিতিৰ সভাপতি লক্ষ্যজ্যোতি গগৈয়ে।