
ডিফুঃ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহন দৈমাৰীয়ে ফ্ল’ৰাইড মুক্ত কৰিব কাৰ্বি পাহাৰৰ পানী৷ জনস্বাস্থ্যৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰা ফ্ল’ৰাইড যুক্ত পানীক শীঘ্ৰে ফ্ল’ৰাইড মুক্ত কৰা হ’ব বুলি ৰিহন দৈমাৰীয়ে আজি ঘোষণা কৰে৷ দুদিনীয়া চৰকাৰী কাৰ্যসূচীৰে কাৰ্বি আংলং ভ্ৰমণ কৰিবলৈ অহা মন্ত্ৰীগৰাকীয়ে সদৰ চহৰ ডিফুত এই মন্তব্য আগবঢ়ায়৷
বৃহত্তৰ ডিফুত পানী যোগান আঁচনি নিৰ্মাণৰ নামত সংঘটিত কোটি কোটি টকাৰ দুৰ্নীতি সন্দৰ্ভত সাংবাদিকৰ পোনপটীয়া প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ কৌশলগতভাৱে এই দায়িত্ব বিভাগীয় কৰ্তৃপক্ষলৈ ঠেলি দিয়ে৷
ডিফু চহৰত বহিৰাগত ব্যৱসায়ীৰ দৌৰাত্ম্যৰ বাবে নিত্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰীগৰাকী এই কাৰ্য্য নিয়ন্ত্ৰণৰ দায়িত্ব কাৰ্বি পৰিষদৰ বুলি দায় সৰা মন্তব্য কৰে৷
মন্ত্ৰী ৰিহণ দৈমাৰীয়ে পৰিষদৰ সভা কক্ষত পৰিষদৰ কাৰ্যবাহী সদস্য, সদস্যা, যোগান আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকলৰ সৈতে এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়৷
নিশাতো ডিফু আৱৰ্ত্ত ভৱনত কটাই পুৱা কাৰ্বি আংলঙৰ বিভিন্ন ঠাইত পূৰ্বৰ চৰকাৰৰ দিনত সম্পূৰ্ণ হোৱা আঁচনিসমূহ পৰিদৰ্শন কৰাৰ লগতে ফ্ল'ৰাইড যুক্ত এলেকাৰ পানী ফ্ল'ৰাইড মুক্ত কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰীগৰাকীয়ে৷