
কোকৰাঝাৰঃ অসমৰ স্বাস্থ্য মন্ত্ৰী ড.হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ স্বাস্থ্য খণ্ডত আমূল পৰিৱৰ্তন অনাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়তে কোকৰাঝাৰ চহৰৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়খনৰ কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই আজিও অত্যাধুনিক চিকিৎসাসেৱাৰ পৰা ৰোগীসকল বঞ্চিত হ'বলগীয়া হৈছে বুলি অভিযোগ উত্থাপিত হৈছে।
প্ৰাপ্ত অভিযোগ অনুসৰি চিকিৎসালয়খনত কৰ্মৰত গৰিষ্ঠসংখ্যাক চিকিৎসকে চিকিৎসালয়ৰ সলনি ব্যাক্তিগত চেম্বাৰ নতুবা কোনো ফাৰ্মাচীৰ চেম্বাৰত ব্যস্ত হৈ থাকে। চিকিৎসকসকলে নিয়মানুসৰি পুৱা ৮ বজাৰ পৰা দুপৰীয়া ২ বজালৈ, দুপৰীয়া ২ বজাৰ পৰা নিশা ৮ বজালৈ আৰু নিশা ৮ বজাৰ পৰা পুৱা ৮ বজালৈ কৰ্তব্য সাল-সলনিৰে নিজ দায়িত্ব পালন কৰিব লাগে যদিও কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ গৰিষ্ঠ সংখ্যক চিকিৎসকে কৰ্তব্যত অৱহেলা কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে।
একাংশ ৰোগীয়ে অভিযোগ কৰা মতে চিকিৎসকসকলক বহি:বিভাগত লগ পোৱাটো অতি দুৰূহ কাম আৰু সাধাৰণতে নিতৌ দুপৰীয়া এক বজাৰ পিছত চিকিৎসালয়খনত প্ৰায় চিকিৎসক নাথাকেই। ইয়াৰ বিপৰীতে একাংশ চিকিৎসকে প্ৰতিদিনে নিজ চেম্বাৰত পুৱা, দুপৰীয়া আৰু বিয়লি ৰোগী চায়।
দিনত কমেও ৭০- ৮০ গৰাকীকৈ ৰোগী চোৱা চিকিৎসকে কেনেদৰে চিকিৎসালয়ত সেৱা আগবঢ়াব সেয়া সহজে অনুমেয় বুলি মন্তব্যৰে একাংশ ক্ষুব্ধ ৰোগীয়ে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কোকৰাঝাৰ চিকিৎসালয় পৰিদৰ্শন কৰিবলৈ আহ্বান জনাইছে। তদুপৰি কোকৰাঝাৰ আৰ. এন. বি চিকিৎসালয়ত চৰকাৰে অত্যাধুনিক চিকিৎসাৰ বাবে কোটি কোটি টকাৰ সা-সৰঞ্জাম প্ৰদান কৰি আহিছে যদিও কাৰ্যক্ষেত্ৰত উক্ত যন্ত্ৰাংশ তথা সা-সৰঞ্জামসমূহ পৰিত্যাক্ত অৱস্থাতে আছে।
চিকিৎসালয় চৌহদত ক্ৰমান্বয়ে জহি-খহি যাবলৈ ধৰিছে এম্বুলেন্সসমূহ ৷সাধাৰণ এক্সৰে তথা চিটি স্কেনৰ বাবেও ৰোগীয়ে বাহিৰৰ ক্লিনিকৰ ওপৰত হে নিৰ্ভৰশীল হৈ আহিছে। তদুপৰি চিকিৎসালয়খনৰ বেবী ইউনিটটোও ক্ৰমান্বয়ে অকামিলা হোৱা আৰম্ভ কৰিছে।
ইপিনে চিকিৎসালয়খনত পৰ্যাপ্ত ৰোগী অনুপাতে নাই শৌচালয় আৰু শৌচাগাৰ৷ তদুপৰি বিশুদ্ধ খোৱাপানীৰ বাবেও হাহাকাৰ কৰিব লগা হৈছে ৰোগী আৰু ৰোগীৰ পৰিয়ালবৰ্গই৷ আনহাতে অস্বাস্থ্যকৰ পৰিৱেশৰ মাজতে চিকিৎসালয়খনৰ মজিয়াত ৰোগীসকলে মাজে সময়ে চিকিৎসাধীন হ'ব লগা হোৱা এক পৰিস্থিতিৰো উদ্ভৱ হৈছে।
মূলত: চিকিৎসালয়খন সঠিকভাৱে পৰিচালনাৰ অভাৱতেই আৰু একাংশ চিকিৎসকৰ দায়িত্বহীনতাৰ বাবেই চিকিৎসালয়খন ধ্বংসৰ মুখলৈ গতি কৰিছে বুলি অভিযোগ উত্থাপিত হৈছে। সেয়েহে এইক্ষেত্ৰত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰিছে।