বিহালীঃ ডাম্পাৰৰ অতপালি অব্যাহত আছে বিশ্বনাথ জিলাৰ বিহালীত৷ প্ৰশাসনৰ সন্মুখতে দিনে নিশাই শিল-বালি কঢ়িয়াই থকাৰ পিছতো নাকী নলগোৱাত বৃহস্পতিবাৰে দিনৰ প্ৰায় ১২.৩০ এখন ডাম্পাৰৰ খুন্দাত তিনিগৰাকী লোক গুৰুতৰ ভাৱে আহত হয়৷

বিহালীৰ বৰগাঙত এখন মাটি কঢ়িয়াই অনা তীব্ৰ বেগী ডাম্পাৰৰ খুন্দাত ৩ জনকৈ লোক গুৰুতৰভাৱে আহত হয়৷ তিনিজলন লোকক ততাতৈয়াকৈ একাংশ লোকে তিনিও জন লোকক চিকিসালয়ত ভৰ্তি কৰে৷

ৰাষ্ট্ৰীয় ঘাই পথৰ দাতিত চিলিণ্ডাৰ গেছ লৈ ৰৈ থকাৰ সময়তে লোক কেইজনক গাড়ী খনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মৰাৰ ফলত বিহালীৰ চেৰেলীয়াৰ হৰি কৃষ্ণ বিশ্বাস (৪৮) হেলেম আৰক্ষী চকীৰ অন্তৰ্গত গমিৰিৰ চন্দ্ৰ বাহাদুৰ (৫০) আহত হয়৷ আনহাতে এগৰাকী আহতক এতিয়ালৈ চিনাক্ত কৰিব পৰা নাই৷ জানিব পৰা মতে, তীব্ৰ বেগী ড্ৰাম্পাৰ খনৰ চালক জন মদ্যপান কৰি আছি৷ দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰৰ চালকক আৰক্ষীয়ে আটক কৰে৷