নলবাৰীঃ ভয়াবহ পথ দুৰ্ঘটনাত ছয়জনকৈ লোকৰ প্ৰাণ যোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে নলবাৰীৰ বালিকুছিত৷ ভয়াবহ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ ৬জনকৈ লোকৰ অকাল মৃত্যু আকোৱালি লোৱা ঘটনাই শোকৰ ছাঁ পেলায়। জানিব পৰা মতে, নলবাৰীৰ সোণকাণি গাঁৱৰ বিজেপি নেতা সণোৰাম তালুকদাৰে পৰিয়ালসহ মাংগলিক কৰ্মৰ বাবে আলহিৰ ঘৰলৈ অল্টো গাড়ী লৈ গৈছিল।

উভতি অহাৰ পথত নলবাৰীৰে বালিকুছিত ঘন কুঁৱলিৰ বাবে অল্টো গাড়ীখন নিয়ন্ত্ৰণ হেৰুৱাই দলং এখনত তীব্ৰ গতিত খুন্দা মাৰি দৰঙৰ দাতিৰে গৈ অল্টো খনে খাৱৈত উলটি বাগৰি পৰে৷ ফলত গাড়ীৰ ভিতৰৰ পৰা লোক কেইজনে বাহিৰলৈ ওলাব নোৱাৰাত বিজেপি নেতা সণোৰাম তালুকদাৰ, পত্নী বৰদা তালুকদাৰ, কন্যা ৰুমী তালুকদাৰ, প্ৰগতি তালুকদাৰ, পম্পী তালুকদাৰ আৰু ৰুমী তালুকদাৰৰ কণমানি সন্তান নিহত হয়।

সণোৰাম তালুকদাৰ বৃহত্তৰ বৰভাগ অঞ্চলৰ এগৰাকী সমাজকৰ্মী আছিল। সণোৰাম তালুকদাৰসহ পৰিয়ালটোৰ ছয়গৰাকী সদস্যই একেলগে অকালতে প্ৰাণ হেৰুৱাৰ ঘটনাই এক শোকাকুল পৰিবেশৰ সৃষ্টি কৰে।

আটাইকেইজন লোকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা, নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মা, নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা, উপ-সভাপতি অপূৰ্ব শৰ্মা, সাধাৰণ সম্পাদক নিতুল ডেকা সহ বিভিন্ন দল-সংগঠন-অনুষ্ঠানে পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।