অভয়াপুৰীঃ শনিবাৰে নিশা ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হৈ বঙাইগাঁও জিলাৰ অভয়াপুৰীত দুজন লোকৰ মৃত্যু হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সমীপৰ উত্তৰ শালমাৰাৰ বাখলগাঁৱত শনিবাৰে নিশা প্ৰায় ৯বজাত সংঘটিত হয় ভয়াবহ পথ দুৰ্ঘটনাটো।

নিশা প্ৰায় ৯বজাত বঙাইগাঁৱৰ পৰা উত্তৰ শালমাৰাৰ অভিমুখে নিমখৰ বস্তা কঢ়িয়াই অনা AS-17-0047 নম্বৰৰ ট্ৰাক আৰু উত্তৰ শালমাৰাৰ পৰা বঙাইগাঁও অভিমুখে গৈ থকা AS-19-C-0827 নম্বৰৰ মেজিকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত তিনজন ব্যক্তি গুৰুতৰভাবে আহত হয়।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজে উত্তৰ শালমাৰা আৰক্ষীক খবৰ দিয়াত ততালিকে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত আহত তিনিওজনকে বঙাইগাঁৱলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে যদিও চিকিৎসালয়লৈ লৈ যোৱাৰ পথতে নকুল ৰায় আৰু খিলেশ্বৰ ৰায় নামৰ দুজন লোকৰ মৃত্যু হয়। আন এজন লোকৰ সংকটজনক অৱস্থাত বঙাইগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে। ডাঠ কুৱঁলীৰ বাবে পথ দুৰ্ঘটনা সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে প্ৰকাশ কৰে।