25
Sep
2017

ৰঙিয়াঃ ৰঙিয়াৰ সমীপৰ মৰাণজানাত ৩১নং ঘাইপথত পথ দুৰ্ঘটনা সংঘটিত হৈ এজন যুৱকৰ মৃত্যু হয়৷ জানিব পৰা মতে, বিকি চৌধৰী নামৰ যুৱকজনে দেওবাৰে নিশা এখন ৱেগনাৰ চলাই ৩১নং ঘাইপথেৰে কেন্দুকোনাৰ নিজ গৃহলৈ আহি আছিল৷
বিকি চৌধুৰীয়ে ঘাই পথটোৰে আহি থকা অৱস্থাত মৰাণজান চকত এখন তীব্ৰবেগী ট্ৰাকে ৱেগনাৰ খনত খুন্দা মাৰে৷ ফলত বিকি চৌধুৰীৰ থিতাতে মৃত্যু হয়৷ আনহাতে ট্ৰাকৰ খুন্দাত বিকিৰ ৱেগনাৰ খন বেয়াকৈ ক্ষতিগ্ৰস্ত হয়৷ কেন্দুকোনা অঞ্চলৰ সৰবৰহী যুৱক বিকিৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে৷