বাহাকাবাৰীঃ নগাঁও জিলাৰ কামপুৰত পথ দুৰ্ঘটনা সংঘটিত হৈ এগৰাকী লোক গুৰুতৰ ভাবে আহত হয়৷ দুৰ্গা পূজাৰ উলাহ-মালহৰ মাজতে কামপুৰ-ৰহা পথৰ বাহাকাবাৰীত কাৰ্বি আংলংৰ হামৰেঙ প্ৰশাসনৰ এগৰাকী বিষয়াৰ গাড়ীয়ে মহটিয়াই মটৰ চাইকেল আৰোহীক।

বিষয়া গৰাকীৰ তীব্র বেগী গাড়ীয়ে একে দিশেৰে গৈ থকা মটৰ চাইকেলত পিছ ফালৰ পৰা খুন্দা মাৰে। ফলত মটৰচাইকেল আৰোহী বহু দুৰত ছিটিকি পৰে৷ স্থানীয় ৰাইজ তথা কামপুৰ আৰক্ষীয়ে মটৰচাইকেল আৰোহী দিলীপ হীৰা বাপ্পীক সংকটজনক অৱস্থাত কামপুৰ FRUত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে চিকিৎসকে গুৱাহাটীলৈ প্ৰেৰণ কৰে। দিলীপ  হীৰা ঘৰ কামপুৰৰ বাহাকাবাৰী আটি গাঁৱত বুলি জানিব পৰা গৈছে৷