05
Sep
2017

ধিংঃ নগাঁও জিলাৰ বটদ্ৰৱাত পথ দুৰ্ঘটনাত প্ৰণ গ’ল বাইক আৰোহীৰ৷ এএছ-০২-আৰ-৩১২২ নম্বৰৰ এখন স্কুটী আৰু বিপৰীত দিশৰ পৰা অহা এএছ-০২-জি-১২২২ নম্বৰৰ টিভিএছ বাইকৰ মাজত মুখামুখী সংঘৰ্ষ লাগে।
ফলত পদ্ম বৰুৱা, অংকুৰ অধিকাৰী আৰু বিশ্বজিত কলিতা গুৰুতৰ ভাবে আহত হয়৷ স্থানীয় লোকে আৰু আৰক্ষীৰ সহযোগত ততাতৈয়াকৈ তিনিওজনকে ১০৮ এম্বুলেঞ্চেনেৰে নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও পদ্ম বৰুৱা নামৰ লোকজনৰ মৃত্যু হয়৷