বোকাজানঃ শুকুৰবাৰে কাৰ্বি আংলং জিলাৰ বকলীয়াঘাট আৰক্ষী থানাৰ অন্তৰ্গত লাংমিলিত ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা সংঘটিত হৈ এজন লোকৰ থিতাতে মৃত্যু হয়৷

জানিব পৰা মতে, নগাঁও অভিমুখে গৈ থকা এখন যাত্ৰীবাহী আল্ট্ৰা বাছে বকলীয়াঘাট নগৰৰ পৰা আহি থকা এএছ-২১-ই-১৩৬৬ নম্বৰৰ বাইকত খুন্দা মাৰে৷ ফলত বাইক আৰোহীক থিতাতে নিহত হয়।