ডিফুঃ পহাৰীয়া জিলা কাৰ্বি আংলঙত পথ দুৰ্ঘটনা সংঘটিত হৈ দুগৰাকী সাংবাদিক গুৰুতৰ ভাবে আহত হয়৷ জানিব পৰা মতে, সোমবাৰে কাৰ্বি আংলং জিলাৰ বকলিয়াঘাটৰ বাহনি আদৰ্শ স্কুলৰ সমীপৰ পৰা বাতৰি সংগ্ৰহ কৰি এএছ-০৯-বি-৬৮৪৮ নম্বৰৰ ৱেগনাৰেৰে কাৰ্বি আংলং জিলাৰ ডিৱাই-৩৬৫ৰ সাংবাদিক ৰাজবীৰ সিং আৰু কেমেৰা পাৰ্ছন বিপ্লৱ পাল ডিফু অভিমুখে আহি আছিল ৷

বিপৰীত দিশৰ পৰা অহা এএছ-০৯-এ-৩০১৭ নম্বৰৰ এখন যাত্ৰী বাহী বাছ এখনে সাংবাদিক ৰাজবীৰৰ গাড়ীত খুন্দা মাৰে৷ ফলত গাড়ী চলাই অহা সাংবাদিক ৰাজবীৰ সিং আৰু কেমেৰা পাৰ্ছন গুৰুতৰ ভাবে আহত হয়৷ সাংবাদিকগৰাকীৰ ৱেগনাৰ খনৰ সন্মুখ ভাগ বেয়াকৈ ক্ষতিগ্ৰস্ত হয়৷

সাংবাদিক ৰাজবীৰ সিং গুৰুতৰ ভাবে আহত হোৱাৰ লগতে কেমেৰা পাৰ্ছন বিপ্লৱ পালে মুৰত আঘাত পায়৷ পিছত একাংশ লোকে অইন এখন গাড়ীৰে আঘাত প্ৰাপ্ত সাংবাদিক দুজনক ডিফু অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে৷ পিঠি, বুকু, ডিঙি আৰু মুখত আঘাত পোৱা ৰাজবীৰ সিঙক চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে৷

আনহাতে দুৰ্ঘটনা সংঘটিত কৰিয়েই বাছৰ চালক হেণ্ডিমেন ঘটনা স্থলীৰ পৰা পলায়ণ কৰে৷ বকলিয়া আৰক্ষীয়ে পিছত বাছ খন জব্দ কৰিবলৈ সক্ষম হয়৷ সাংবাদিক জনৰ দুৰ্ঘটনাৰ খবৰ প্ৰচাৰ হোৱাৰ পিছতে ডিফুৰ চিকিৎলায়ত বহু লোক উপস্থিত হৈ খবৰ লয়৷