25
Oct
2017

গোৱালপাৰাঃ গোৱালপাৰা জিলাৰ বগুৱানত মঙলবাৰে নিশা প্ৰায় ৯.৪৫ বজাত পথ দুৰ্ঘটনা সংঘটিত হৈ এগৰাকী লোক গুৰুতৰ ভাবে আহত হয়৷
গোৱালপাৰা জিলাৰ বগুৱান আৰক্ষী থানাৰ অন্তৰ্গত কৰাইখোৱাত AS-01-BC-0340 মালবাহী মেজিক আৰু AS-18-C-3823 মাজত মুখামুখি সংঘর্ষ লাগে।
ফলত মেজিকৰ চালকৰ লগতে হেণ্ডিমেনজন গুৰুতৰ ভাবে আহত হয়৷ স্থানীয় লোকে ততাতৈয়াকৈ এম্বুলেঞ্চত গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ লৈ যায়। জানিব পৰা মতে, বলেৰখনৰ চালকজন মদ্যপান কৰি আছিল৷ গাড়ী খনৰ ভিতৰত মদৰ বটলো উদ্ধাৰ হয় বুলি জানিব পৰা গৈছে।