
newsnextone.com | কাকপথাৰঃ তিনিচুকীয়া জিলাৰ কাকপথাৰ অাৰক্ষী থানাৰ অন্তৰ্গত পানীগাঁও তিনিঅালিৰ ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে পুৱা এখন বাইক অাৰু উইংগাৰৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাত দুজন লোক গুৰুত্বৰভাৱে অাঘাটপ্ৰাপ্ত হয়।
প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে, তিনিচুকীয়াৰ পৰা অৰুণাচলৰ তেজু অভিমুখে গৈ থকা AS-23-AC 9814 নম্বৰৰ উইংগাৰ গাড়ীখনে পথৰ ওপৰৰ এটা গৰুক বছাবলৈ গৈ বিপৰীত দিশৰ পৰা অহা AS-06-9637 নম্বৰৰ বাইকত প্ৰচণ্ড জোৰেৰে খুণ্ডা মৰাত অাৰোহীসহ বাইকখন বহু দূৰৈত ওফৰি পৰাত বাইক অাৰোহী দুজন গুৰুত্বৰভাৱে অাঘাটপ্ৰাপ্ত হয়।
অাঘাটপ্ৰাপ্ত লোক দুজনক ততাতৈয়াকৈ নিকটবৰ্তী স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় যদিও চিকিৎসকে অতি সংকটজনক অৱস্থাত দুয়োজনকে ডিব্ৰুগড় মেডিকেল কলেজ হস্পাতাললৈ প্ৰেৰণ কৰে। অাঘাটপ্ৰাপ্ত লোকদুজন খেৰজান গাঁৱৰ অবিনাশ মৰাণ (২০) অাৰু উৱন গাঁৱৰ অংকুৰ দহোতীয়া (২১) বুলি জানিব পৰা গৈছে।ইতিমধ্যে অাৰক্ষীয়ে দূৰ্ঘটনা সংঘটিত কৰা গাড়ীখন জব্দ কৰিবলৈ সক্ষম হৈছে।