মঙলদৈঃ মঙলদৈৰ চহৰৰ সমীপৰ পিপৰাদোকানত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা সংঘটিত হৈ এজন লোকৰ মৃত্যু হয়। পিপৰাদোকানৰ এনআৰএল পেট্ৰল পাম্পৰ ওচৰত দুখন বাইকৰ মুখামুখি সংঘৰ্ষ লাগে।

যাৰ ফলত ৰঙামাটিৰ হিতেশ নাথ আৰু অনিল নাথ আৰু দুনিৰ অক্ষয় শইকীয়া গুৰুতৰ ভাবে আহত হয়। সংকটজনক অৱস্থাত তিনিগৰাকী লোককে মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে স্থানীয় লোক তথা আৰক্ষীয়ে৷

চিকিৎসকে উন্নত চিকিৎসাৰ বাবে হিতেশ নাথক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে যদিও আদবাটতে মৃত্যু হয় হিতেশৰ। মঙলদৈৰ ৰঙামাটিৰ যুৱক দুজনে এনআৰএল পেট্ৰল পাম্পত তেল ভৰাই ওলাই আহি থকা অৱস্থাত মঙলদৈ দিশৰ পৰা অহা আন এখন বাইকৰ সৈতে মুখামুখি সংঘৰ্ষ লাগে৷