নলবাৰীঃ নলবাৰী সদৰ আৰক্ষী থানাৰ অন্তৰ্গত নলবাৰীৰ হৰিপুৰত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত আজি প্ৰায় ২-৩০ বজাত সংঘটিত এক পথ দূৰ্ঘটনাত এজন লোক নিহত হয়৷

জানিব পৰা মতে, নিহত আৰোহীজন নলবাৰী খুখুন্দীৰ নৰবিন্দ বৰ্মন(৫২)৷ নিহত ব্যক্তিজনে নিজৰ দোকানৰ বাবে নলবাৰী চহৰৰ পৰা ঘৰলৈ দোকানৰ সামগ্ৰী লৈ গৈ থকা অৱস্থাত তীব্র বেগী এল্ট’ৱে খুন্দিয়াই থৈ পলায়ন কৰে৷ লগে লগে চাইকেল আৰোহীজন থিতাতে নিহত হয়৷

নলবাৰী হৰিপুৰৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত পথত দূৰ্ঘটনা সঘনে সংঘটিত হৈ আহিছে যদিও প্ৰশাসনৰ তৰফৰ পৰা কোনো ট্ৰফিক পুলিছৰ তহলদাৰীৰ ব্যৱস্থাৰ আজি  পৰ্যন্ত নকৰাৰ বাবে সচেতন মহলে ক্ষোভ প্ৰকাশ কৰে৷