09
Aug
2017

প্ৰতিকী ফটো
খাৰুপেটীয়াঃ দৰং জিলাৰ দলগাঁৱত আজি পুৱাই এক দুৰ্ঘটনা সংঘটিত হৈ এগৰাকী এছ এছ বিৰ জোৱানৰ মৃত্যু হয়৷
এএছ-১৩-ই-২১২৩ নম্বৰৰ টিভিএছ স্কুটী এখনেৰে দলগাঁও দিশৰ পৰা লাইলংপাৰাৰ নিজ গৃহলৈ গৈ থকা অৱস্থাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত হয় জোৱানজন।
ফলত এছ এছ বিৰ জোৱানজনৰ থিতাতে মৃত্যু হয়। নিহত জোৱানজনক গুছখাং বড়ো(৩৮) বুলি জানিব পৰা গৈছে।
দলগাঁও আৰক্ষীয়ে মৰোণত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো মঙলদৈলৈ প্ৰেৰণ কৰে। মৃত গুছখাং বড়ো অৰুণাচলত কৰ্মৰত অাছিল।