
newsnextone.com | কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ সেৰফাংগুৰী থানাৰ ৰামফলবিলৰ ৩১ নং(গ) ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে গেছ টেংকাৰ আৰু টাটা মেজিক(এএচ ১৬ , ০৪৩৮) গাড়ীৰ মাজত সংঘটিত হোৱা এক মুখামুখী সংঘৰ্ষত বৃদ্ধাসহ তিনিগৰাকী যাত্ৰী নিহত হোৱাৰ লগতে শিশু মহিলা সহিতে কমেও ৯গৰাকী যাত্ৰী আহত হৈছে।
এন-এল-০১-৭৩১৭ নম্বৰৰ গেছ টেংকাৰ আৰু এএচ-১৬-০৪৩৮ নম্বৰৰ টাটা মেজিকৰ মাজক মুখামুখী সংঘৰ্ষ লাগে৷
পথ দুৰ্ঘটনাত উত্তৰ দেৱৰগাঁৱৰ ফিৰোদিনী অধিকাৰী (৭০), চিৰাঙৰ ৰেণুকা ৰায় (৩০) আৰু অলকা বসুমতাৰী (৩৫) মৃত্যু হয়। আনহাতে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় মিলি নাৰ্জাৰী (১৫), জিমা নাৰ্জাৰী(১৮), মেনকা নাৰ্জাৰী(১৮), বিপুলা দাস(৪৫), উৰাইনা মুছাহাৰী(২৩), মিথুনজিৎ বসুমতাৰী(৮) আৰু সমেশ্বৰ গয়াৰীয়ে (২৮)৷
আহত যাত্ৰীসকলক প্ৰথমে কোকৰাঝাৰৰ আৰএনবি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও সংকটজনক অৱস্থাত একাংশ যাত্ৰীক বঙাইগাঁৱৰ লৱাৰ আছাম হস্পিতাল আৰু কোকৰাঝাৰ এমআৰএম চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।