লালুকঃ লখিমপুৰৰ লালুকৰ ১নং কৰুণাবাৰীত সোমবাৰে পথ দুৰ্ঘটনা সংঘটিত হৈ এগৰাকী যুৱকৰ মৃত্যু হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ তথা ১নং কৰুণাবাৰীৰ নিতুল শইকীয়াৰ পুত্ৰ দেৱব্ৰত শইকীয়াই (১৭) নিজ গৃহৰ পৰা লালুক অভিমুখে গৈ থকা অৱস্থাত এখন বাহনে খুন্দিয়াই গুৰুতৰ ভাৱে আহত কৰে৷

লালুক বিহপুৰীয়া পথত সংঘটিত দুৰ্ঘটনাত যুৱকজনক একাংশ লোকে লালুক আৰ্দশ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে লখিমপুৰলৈ প্ৰেৰণ কৰা হয়৷ কিশোৰজনক লখিমপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসাধীন অৱস্থাতেই মৃত্যু হয়৷

ইফালে দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন পলায়ন কৰাত বিমোৰত পৰিছে আৰক্ষী তথা পৰিয়ালটোৱে৷ অতি অমায়িক কিশোৰজনৰ আকস্মিক মৃত্যুত কৰুণাবাৰী অঞ্চলত শোকৰ ছাঁ পৰে৷