আমগুৰিঃ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দম্ভালি মাৰিলেও গ্ৰাম্য অঞ্চলত আজিও স্বাস্থ্য থণ্ডৰ পয়ালগা অৱস্থাই সাধাৰণ লোকক হাহাকাৰ কৰিব লগা পৰিৱেশৰ সৃষ্টি কৰে৷ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ উত্তৰণৰ সম্পৰ্কে চৰকাৰে যিমানেই ঢাক-ঢোল নবজাওঁক কিয়, স্বাস্থ্যখণ্ডৰ প্ৰকৃত ছবিখন কিন্তু সঁচাকৈয়ে পুতৌজনক। বিশেষকৈ গ্ৰাম্য অঞ্চলত বহু লোকে নিশাটো দূৰৰ কথা দিনতে চিকিৎসক-এম্বুলেঞ্চ বিছাৰি হাহাকাৰ কৰিব লাগ হয়৷

আন বিভাগৰ দৰে চিকিৎসা ক্ষেত্ৰতো বিভিন্ন আঁচনিৰ ঘোষণা কৰা হয়৷ প্ৰকৃততে কিমানে এনে আঁচনিৰ পৰা উপকৃত হ'ব পাৰিছে তাৰ প্ৰশ্ন উত্থাপন হৈ আহিছে৷ বুধবাৰে শিৱসাগৰ জিলাৰ আমগুৰিৰ দোপদৰত সংঘটিত হয়  মটৰ চাইকেল দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰবেগী মটৰ চাইকেলখনে এঘৰ লোকৰ বাৰীৰ বেৰাত খুন্দা মাৰি মটৰ চাইকেলসহ খাৱৈত সোমায় পৰাৰ ফলত আদিত্য মালাকাৰ আৰু পংকজ বৰা নামৰ দুজন যুৱক গুৰুতৰ ভাৱে আহত হয়। আহত দুয়োজনকে ১০৮ সেৱা যোগে ততাতৈয়াকৈ স্থানীয় আমগুৰি সামূহিক চিকিৎসালয়লৈ লৈ অহা হয় যদিও প্ৰাথমিক চিকিৎসাৰ অন্তত গুৰুতৰভাৱে আহত আদিত্য মালাকাৰক যোৰহাট মেডিকেল কলেজলৈ লৈ যাবলৈ চিকিৎসালয়খনত নাছিল এম্বুলেঞ্চ।

এখন ভাড়া গাড়ীৰেই অৱশেষত যুৱকজনক উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰা হয় যদিও যুৱকজনৰ মৃত্যু হয়৷ আমগুৰিৰ দৰে এটা বৃহৎ এলেকাৰ চিকিৎসা সেৱা আগবঢ়োৱা আমগুৰি সামূহিক চিকিৎসালয়ত পৰ্যাপ্ত সা-সুবিধা উপলব্ধ নোহোৱাৰ বাবে স্থানীয় লোকসকলে ক্ষোভ প্ৰকাশ কৰি তৎকালেই উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনায়।