
মুকালমুৱাঃ গুৱাহাটীৰ পৰা হাজো-দৌলাশাল হৈ বৰপেটালৈ যোৱা পথটো নামনি অসমৰ যাতায়াত সেৱাৰ এটা অন্যতম গুৰুত্বপূৰ্ণ পথ যদিও বছৰ বছৰ ধৰি জৰাজীৰ্ণ পথটোৱে জলা-কলা খুৱাই আহিছে ৰাইজক৷
পুনৰ নিৰ্মাণৰ কাম নকৰাৰ ফলতে বিধ্বস্ত পথটোৱে ৰাইজৰ মূৰ কামোৰণি হোৱাৰ লগতে বহুকেইটা পথ দুৰ্ঘটনাত ভালেকেইজন লোক নিহত হোৱাৰ উপৰি বহুকেইজন পংগু হ’ব লগা হৈছে৷
ইতিমধ্যে ৰাজ্যৰ বহুকেইটা ৰাজনৈতিক-অৰাজনৈতিক দলে পথটো মেৰামতিৰ কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাই আহিছে যদিও কোনো গুৰুত্ব প্ৰদান নকৰিলে ৰাজ্যৰ গড়কাপ্টানী বিভাগে৷
ৰাজ্যৰ গড়কাপ্টানী বিভাগৰ কাৰ্যালয় এটা মুকালমুৱাত আছে যদিও বিভাগটোৰ কোনো এজন বিষয়াই উক্ত পথটোৰ মেৰামতি কিম্বা পুনৰ নিৰ্মাণৰ বাবে গুৰুত্ব প্ৰদান নকৰাৰ ফলতে ৰাইজৰ দুখ-কষ্টৰ সীমা নোহোৱা হৈছে৷
গড়কাপ্টানী বিভাগৰ এনে কাণ্ডজ্ঞানহীতাৰ বাবে ২০ মে‘ত সদৌ অসম গৰিয়া-মৰিয়া যুৱ-ছাত্ৰ পৰিষদে পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ১২ ঘন্টীয়া পথ বন্ধ কাৰ্যসূচী ঘোষণা কৰিছে ৷