বালিপৰাঃ অসম মূলুকক ছুইজাৰলেণ্ডলৈ পৰিৱৰ্তন কৰিবলৈ ওলোৱা শক্তিমন্ত্ৰী পল্লব লোচন দাসৰ গৃহ সমষ্টিত স্থানীয় অাছু অাৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে পথ অৱৰোধ কৰে।

ৰঙাপৰা টাউনত সংগঠনদুটাৰ বহু নেতা-কৰ্মীয়ে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰঙাপৰা অঞ্চলৰ বিধ্বস্ত বাট-পথৰ উন্নয়ন, ৰঙাপৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰক ৩০ খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়লৈ উন্নীত কৰাৰ দাবী জনায়৷

সংগঠন দুটাই পথ অৱৰোধ কৰি চৰকাৰ বিৰোধি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে৷ বিজেপি চৰকাৰ হায় হায়, পল্লবলোচন মুৰ্দাবাদ ধ্বনিৰে ৰঙাপৰাৰ আকাশ বতাহ কপাই শোনিতপুৰৰ ৰঙাপৰা অঞ্চলৰ বিধ্বস্ত বাট-পথ শীঘ্ৰে মেৰামতি কৰা, চিকিৎসা সেৱা উন্নত কৰা দাবী জনায় ক্ষোভিত হৈ পৰে৷

প্ৰশাসনে অতি শাঘ্ৰে ৰঙাপৰাৰ সমস্যাসমুহ সমাধানৰ ব্যৱস্থা নকৰিলে অনাগত সময়ত এশঘন্টীয়া ৰঙাপৰা বন্ধ দিয়াৰ হুংকাৰ দিয়ে অাছু অাৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৷