
ছিপাঝাৰঃ পৰিবৰ্তনকামী চৰকাৰৰ মিথ্যাচাৰত অতিষ্ঠ হৈ এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সাব্যস্ত হৈছে প্ৰতিবাদ৷ কংগ্ৰেছ চৰকাৰৰ ১৫ বছৰীয়া শাসন কালৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ নাশ কৰিবলৈ জাতীয় নায়ক আখ্যা দিয়া সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত ৰাজ্যৰ ৰাজপাটত বহুৱাইছিল মিত্ৰজোঁটৰ চৰকাৰক৷
কিন্তু সেয়াও যেন ৰাইজৰ বাবে দুৰ্লভ আশাহে হৈ পৰা পৰিলক্ষিত হ’ল৷ জাতি-মাতি ভেটিৰ স্বাৰ্থত কাম কৰিম বুলি জনসাধাৰণক প্ৰতিশ্ৰুতি প্ৰদান কৰা সৰ্বানন্দ সোণোৱাল আৰু তেওৰ চৰকাৰখনে যোৱা ১৬ মাহত দিল্লীৰ পুতলা হৈ পৰা দেখা গ’ল৷
যাৰ বাবে পৰিবৰ্তনকামী চৰকাৰখনক উন্নয়নৰ আশা বুকুত বান্ধি ভোট দি জয়যুক্ত কৰা অসমৰ জনগণ এতিয়া বাধ্য হৈ ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে৷
আজি অসমৰ জনসাধাৰণৰ হৈ অসমৰ বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰা আৰু বাট পথ সমূহৰ উন্নয়ন কৰাৰ দাবীত সদৌ দৰং জিলা ছাত্র সন্থাই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ১ ঘণ্টা অৱৰোধ কৰে।
উক্ত কাৰ্য্যসূচীত জিলাখনৰ ছাত্ৰ সন্থাৰ কৰ্মী সকলকৰ লগতে শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্য্যসূচীত অংশ লয় সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি খনিন্দ্র ৰাজবংশী, সাধাৰণ সম্পাদক পৰাগ কুমাৰ চহৰীয়া, উপদেষ্টা অৰুপ কলিতা, মংগলদৈ মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দিলীপ ডেকাৰ লগতে আঞ্চলিকসমূহৰ বিষয়ববীয়া সকলে৷