
আমগুৰিঃ NSCNৰ সৈতে ভাৰত চৰকাৰে নাগালিম চুক্তিত স্বাক্ষৰ কৰাৰ পিছৰে পৰা ৰাজ্যত প্ৰতিবাদ অব্যাহত আছে৷ ফ্ৰেমৱৰ্ক এগ্ৰিমেন্টত কৰি ভাৰত চৰকাৰে বৃহত্তৰ নাগালিম গঠনৰ প্ৰস্তাৱক মানি লোৱা বুলি NSCN পক্ষই সদৰী কৰি কৰাত অসমৰ ৰাইজে অসমৰ ভূমি নাগালিমলৈ যোৱা আশংকাত দিন পাৰ কৰিছে৷
যাৰ ফলত পুনৰ ৰাজ্যত প্ৰতিদিনে দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ দল-সংগঠনে ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট ৰাজহুৱা কৰাৰ দাবীত প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে ৰাজ পথলৈ ওলাই আহিল চাহ জনগোষ্ঠীৰ লোক৷ কেন্দ্ৰীয় চৰকাৰে নগা উগ্ৰপন্থী সংগঠন NSCNৰ সৈতে কৰা চুক্তি শীঘ্ৰে ৰাজহুৱা কৰাৰ দাবীত মঙলবাৰে অসম-নগালেণ্ড সীমান্তৰ হালোৱাটিঙত ৩ ঘণ্টা পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে কেইবা শতাধিক চাহ জনগোষ্ঠীৰ লোকে৷
৬১নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কেইবাশতাধিক লোকে। হালোৱাটিং বজাৰৰ সমীপৰ আমগুৰি চাহ বাগিচাৰ মাজত ৰূপায়ন কৰা এই প্ৰতিবাদী কাৰ্যসূচীত বিজেপি চৰকাৰখনক কঠোৰভাৱে সমালোচনা কৰি বিজেপি মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ আদি শ্ল’গান দি পৰিস্থিতি উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে। অসমৰ মাটি কোনোপধ্যে এৰি নিদিও বুলি সকীয়নি প্ৰদান কৰে চাহ জনগোষ্ঠীয় সংগঠনে।