31
Jul
2017

বিহালীঃ বিপ্লৱী যুৱ সন্থা আৰু আদিবাসী ছাত্ৰ সন্থাৰ বিহালী আঞ্চলিক সমিতিয়ে আজি বৰগাঙত ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰে৷
বিশ্বনাথ জিলাৰ বৰগাঁও চাহ বাগিছা কৰ্তৃপক্ষই দহ দিন ধৰি বাগিছাখন লক-আউট কৰি ৰখাৰ বাবেই সংগঠন দুটাই ক্ষোভিত হৈ এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে৷
বে-আইনী লক-আউট প্ৰত্যাহাৰ, বাগানৰ মালিকক গ্ৰেপ্তাৰ কৰাৰ দাবীত বিভিন্ন শ্লগান দি পৰিৱেশ উত্তাল কৰি তোলে।
প্ৰতিবাদৰ অন্তত বিশ্বনাথ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু শ্ৰম আয়ুক্তলৈ এঘাৰ দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠন দুটাই।