20
Jul
2017

খাৰুপেটীয়াঃ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ জৰাজীৰ্ণ হৈ পৰাত যাতায়তৰ বাবে অনুপযুক্ত হৈ পৰিছে৷ ক্ষোভিত ৰাইজে পথটো মেৰামতিৰ দাবী জনাই আহিছে যদিও চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে।
কেইবাটাও সংগঠনে সংবাদ মাধ্যমযোগে পথটো মেৰামতিৰ দাবী জনাই অহাৰ লগতে পথ অৱৰোধ কৰি প্ৰতিবাদো সাব্যস্ত কৰিছে৷
আজি ১৫নং ৰাৰ্ষ্ট্ৰীয় ঘাইপথ আৰু ৰাজ্যৰ আন আন জৰাজীৰ্ণ পথসমূহ শীঘ্ৰে মেৰামতি কৰাৰ দাবীত আমছুৱে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। প্ৰায় এঘণ্টা সময় পথ অৱৰোধ কৰি চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।
দৰঙৰ দলগাঁৱত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি সংগঠনটোৱে পথ মেৰামতিৰ লগতে বানাক্ৰান্তক পৰ্যাপ্ত সহায় কৰাৰ দাবী জনায়৷ উত্তৰ-পূৰ্বাঞ্চলক মাহী আইৰ চকুৰে চোৱা নীতি বন্ধ কৰিবলৈকো আহ্বান জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক৷