
নলবাৰীঃ সমাগত ৰাস মহোৎসৱ বাবে নলবাৰীৰ পাইকাৰকুছিত জিলা প্ৰশাসন, পৰিবহন বিভাগ আৰু স্থানীয় ৰাইজৰ সহযোগত আজি যান বাহন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এক অভিনৱ পদক্ষেপ গ্ৰহণ কৰা হয়।
নলবাৰী জিলা আৰক্ষী অধীক্ষক হেমন্ত ভট্টাচাৰ্য, জিলা পৰিবহন বিষয়া দিলীপ দাসৰ নেতৃত্বত গুৱাহাটী দিশৰ পৰা তীব্ৰ বেগে অহা গাড়ী সমূহ নিমন্ত্ৰণৰ বাবে এখন গতিৰোধক ফলক স্থাপন কৰা হয় পাইকাৰকুছিত৷
তদুপৰি পাইকাৰকুছিত যান বাহন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এখন সজাগতা সভা অনুষ্ঠিত হয়। প্ৰনিতা ৰেষ্টুৰেন্টৰ মালিক নৃপেন দাসে আঁত ধৰা সভাত জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ইন্দ্ৰনীল বৰা, পৰিবহন পৰিদৰ্শক দীপক বৰগীয়াৰী উপস্থিত থাকি ভাষণ ৰাখে।